rajen dass iron girls invited to nigeria for screening assamese film Assam news - Assam Tv9

অসমৰ লোককৃষ্টিৰ বিশ্বমুখী যাত্রা, নাইজেৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ আমন্ত্ৰিত ৰাজেন দাসৰ ‘আইৰন গাৰ্লছ’

Published: 

16 Nov 2024 | 03:16 PM

অসমীয়া চলচ্চিত্ৰ উদ্যোগ তথা অসমবাসীৰ বাবে সুখবৰ৷ আফ্রিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়ান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত স্থান পালে অসমীয়া চলচ্চিত্রই। নাইজেৰিয়া ৰিপাব্লিকৰ ৰাজধানী আবুজালৈ আমন্ত্ৰিত ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'।

1 / 6 ১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ নাইজিৰিয়াৰ ৰাজধানী চহৰ আবুজাত  অনুষ্ঠিত হ'ব ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। আফ্রিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়ান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত স্থান পালে ৰাজেন দাসৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্রই।

১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ নাইজিৰিয়াৰ ৰাজধানী চহৰ আবুজাত অনুষ্ঠিত হ'ব ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। আফ্রিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়ান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত স্থান পালে ৰাজেন দাসৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্রই।

2 / 6

নাইজেৰিয়ান সংযুক্ত চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক মন্ত্ৰালয় তথা নাইজেৰিয়ান চলচ্চিত্ৰ নিগমৰ দ্বাৰা আয়োজিত আফ্ৰিকা মহাদেশৰ এই সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷ ইতিমধ্যেই পৰিচালক ৰাজেন দাসলৈ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে তথা 'আইৰন গাৰ্লছ'ৰ প্ৰদৰ্শন (Screening)ৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে৷

3 / 6

২ ডিচেম্বৰত নাইজেৰিয়াৰ ৰাজধানী চহৰ আবুজাৰ বিখ্যাত চিলভাৰ বাৰ্ড মাল্টিপ্লেক্স চিনেমাগৃহত প্ৰদৰ্শিত হ'ব 'আইৰন গাৰ্লছ' ৷ আনহাতে বিভিন্ন ৰাষ্ট্ৰৰ চলচ্চিত্ৰ পৰিচালকৰ সন্মুখত “ডিজিটেল নৱজাগৰণ“ বিষয়ক শীৰ্ষ সন্মিলনত ভাষণ প্ৰদান কৰিব ফেডাৰেল ৰিপাব্লিক অব্ নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতি কেশ্বিম শ্বেটিমাই৷

4 / 6

এই মহোৎসৱত উপস্থিত থাকিব ফেডাৰেল নাইজেৰিয়া ৰিপাব্লিকৰ আৰ্ট কালচাৰ আৰু ক্ৰিয়েটিভ ইক’নমি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী বাৰ হানাটু মুছা মুছাৱা,কেন্দ্ৰীয় মন্ত্ৰী নাইচন ৱাইকৰ উপৰিও বহু গণ্য-মান্য ব্যক্তি৷

5 / 6

উল্লেখ্য যে পৰিচালক ৰাজেন দাসে অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ নিৰ্মাণ কৰিছে অসমৰ স্বৰ্ণিল লোককৃষ্টি ওজাপালি আৰু দেওধনীক বিষয় হিচাপে লৈ৷ এই চলচ্চিত্ৰত লোকশিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন সংগ্ৰামক ওজাপালি দেওধনীৰ মাজেৰে আলোকপাত কৰা হৈছে৷

6 / 6

ছবিখনত অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা, অভিনেত্ৰী আশা বৰদলৈ,মৃদুল বৰুৱা,দিপান্বিতা দাস, তৰুণ আজাদ ডেকা, নৱাগত জেচমিন দাস, সীমা ডেকা, প্ৰিয়ংকা দাস,ময়ুৰী নাথ,প্ৰকাশ ঠাকুৰীয়া আদিয়ে৷ চাউণ্ড ডিজাইন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ গায়ন, সংগীত সৌৰভ মহন্ত, সম্পাদনা ধীৰাজ মজুমদাৰ, চিনেমাটোগ্ৰাফী ৰাজেন দাস -জিন্টু কুমাৰ কাশ্যপ ,ডিআই শ্যামল দাস আৰু প্ৰডাকচন ডিজাইন কুলেন দাসৰ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...