Raas mahotsav 2024: অসমত ৰাস অনুষ্ঠিত কৰা কমিটীসমূহে লাভ কৰিব আৰ্থিক সাহাৰ্য, কিমান টকাকৈ দিব চৰকাৰে? | raas mahotsav 2024 Financial assistance to the Rass puja Committee announced himanta biswa sarma Assam news - Assam Tv9

Raas mahotsav 2024: অসমত ৰাস অনুষ্ঠিত কৰা কমিটীসমূহে লাভ কৰিব আৰ্থিক সাহাৰ্য, কিমান টকাকৈ দিব চৰকাৰে?

Published: 

27 Oct 2024 | 05:59 PM

Raas mahotsav 2024: অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইতিমধ্যে ৰাস কমিটীসমূহ ইয়াৰ প্ৰস্তুতিক লৈ ব্যস্ত হৈ পৰিছে। নলবাৰী, মাজুলী, পলাশবাৰীকে ধৰি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয় ৰাস। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা।

1 / 5অহা ১৫ নৱেম্বৰৰ পৰা  ৰাজ্যত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইতিমধ্যে ইয়াক লৈ প্ৰস্তুতি চলাইছে ৰাস কমিটীসমূহে। অসমৰ বিভিন্ন প্ৰান্তত কেইবাদিনা কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হয়। কোনো কোনো ঠাইত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ লগতে কোনো  কোনো ঠাইত মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা।

অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইতিমধ্যে ইয়াক লৈ প্ৰস্তুতি চলাইছে ৰাস কমিটীসমূহে। অসমৰ বিভিন্ন প্ৰান্তত কেইবাদিনা কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হয়। কোনো কোনো ঠাইত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ লগতে কোনো কোনো ঠাইত মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা।

2 / 5

আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যৰ ৰাস কমিটীলৈ আগবঢ়োৱা হ'ব আৰ্থিক অনুদান। ৰাজ্য চৰকাৰে আগন্তুক ৰাস মহোৎসৱৰ আয়োজক সমিতিসমূহলৈ ২৫ হাজাৰ টকাৰ অনুদান ঘোষণা কৰিছে।

3 / 5

4 / 5

ৰাজ্যৰ প্ৰায় ১,৯০০ ৰাস সমিতিয়ে এই অনুদান লাভ কৰিব। তদুপৰি ৰাস আয়োজনৰ সমিতিসমূহে প্ৰশাসনক কোনো মাচুল দিব নালাগে বুলিও কেবিনেটে সিদ্ধান্ত লয়। ৰাস অনুষ্ঠিত হোৱাৰ পূৰ্বে এই ধন ৰাশি প্ৰদান কৰা হ'ব।

5 / 5

উল্লেখ্য যে, ৰাজ্যৰ দুৰ্গা পূজা কমিটীলৈও চৰকাৰে অনুদান আগবঢ়াইছিল। তাৰ পাছত এইবাৰ ৰাস কমিটীলৈ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত মৃন্ময় মূৰ্তি ৰাস আয়োজন কৰা হয়। গতিকে চৰকাৰৰ এই সাহাৰ্যৰ দ্বাৰা উপকৃত নহ'ব এই কমিটীসমূহ। নলবাৰীৰ জীৱন্ত ৰাস দেশৰ ভিতৰতে অন্যতম। অৱশ্যে এইবাৰ নলবাৰীত জীৱন্ত ৰাসৰো আয়োজন কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...