বিশ্ব চেম্পিয়ন গুকেশক পৰাস্ত কৰি টাটা ষ্টীল মাষ্টাৰ্ছৰ খিতাপ জয় প্ৰজ্ঞানন্দৰ | R Praggnanandhaa win Tata Steel Chess Masters beating World Champion D Gukesh Assam news - Assam Tv9

বিশ্ব চেম্পিয়ন গুকেশক পৰাস্ত কৰি টাটা ষ্টীল মাষ্টাৰ্ছৰ খিতাপ জয় প্ৰজ্ঞানন্দৰ

Published: 

03 Feb 2025 | 04:25 PM

বিগত বৰ্ষত ক্ৰীড়া বিশ্বত চমক সৃষ্টি কৰি ডবা বিশ্ব চেম্পিয়ন হৈছিল ভাৰতৰ ডি গুকেশ। সৰ্বকনিষ্ঠ ডবা বিশ্ব চেম্পিয়ন হিচাপে গুকেশে সৃষ্টি কৰিছিল ইতিহাস। এতিয়া গুকেশক পৰাস্ত কৰি ভাৰতৰ আন এগৰাকী যুৱ গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই অৰ্জন কৰিছে অনন্য সাফল্য।

1 / 5ডবা বিশ্বত শেহতীয়াকৈ চমকপ্ৰদ উত্থানেৰে স্বৰ্ণিল ভৱিষ্যতৰ ইংগিত দিছে ভাৰতে। দেশৰ কেইবাগৰাকীও যুৱ তাৰকাই বহন কৰিছে উজ্জল সম্ভাৱনা। তেনে সম্ভাৱনাৰে পূৰ্ণ প্ৰকাশ ঘটাই শেহতীয়াকৈ ডবা বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিছিল ডি গুকেশ।

ডবা বিশ্বত শেহতীয়াকৈ চমকপ্ৰদ উত্থানেৰে স্বৰ্ণিল ভৱিষ্যতৰ ইংগিত দিছে ভাৰতে। দেশৰ কেইবাগৰাকীও যুৱ তাৰকাই বহন কৰিছে উজ্জল সম্ভাৱনা। তেনে সম্ভাৱনাৰে পূৰ্ণ প্ৰকাশ ঘটাই শেহতীয়াকৈ ডবা বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিছিল ডি গুকেশ।

2 / 5

মাত্ৰ ১৮ বছৰ বয়সতে এই কৃতিত্ব অৰ্জন কৰি প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বকনিষ্ঠ চেম্পিয়ন হিচাপে পৰিগণিত হৈছিল গুকেশ। লগতে বিশ্বনাথন আনন্দৰ পিছত গুকেশে ডবাৰ বিশ্ব চেম্পিয়ন হোৱা দ্বিতীয়গৰাকী ভাৰতীয়ৰ কৃতিত্বও অৰ্জন কৰিছিল।

3 / 5

এই বিশ্ব চেম্পিয়ন গুকেশ এতিয়া পৰাজয়ৰ সন্মুখীন হৈছে দেশৰে আন এগৰাকী যুৱ চাঞ্চল্যৰ বিপক্ষে। গুকেছক পৰাস্ত কৰি নেদাৰলেণ্ডত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰ্ছৰ খিতাপ দখল কৰিছে যুৱ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই।

4 / 5

গুকেশক পৰাস্ত কৰি চমক সৃষ্টি কৰাই নহয়, ২০০৬ চনৰ পিছত এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰা প্ৰথমজন ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হয় প্ৰজ্ঞানন্দ। তেওঁৰ পূৰ্বে ভাৰতৰ কিংবদন্তি গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দই এই খিতাপ দখল কৰিছিল।

5 / 5

১৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল। ত্ৰয়োদশ ৰাউণ্ডৰ পিছত গুকেশ আৰু প্ৰজ্ঞানন্দই সমতা স্থাপন কৰে। এনে পৰিস্থিতিত চূড়ান্ত ৰাউণ্ডত দুয়োৰে মাজত প্ৰতিদ্বন্দিতা হয় আৰু গুকেশক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে প্ৰজ্ঞানন্দই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...