ৰাজ্যজুৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি! নাচি-বাগি আখৰাত ব্যস্ত কিশোৰ-কিশোৰী, যুৱক-যুৱতী | preparations for the upcoming raas mahotsav in assam Assam news - Assam Tv9

ৰাজ্যজুৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি! নাচি-বাগি আখৰাত ব্যস্ত কিশোৰ-কিশোৰী, যুৱক-যুৱতী

Published: 

09 Nov 2024 19:48 PM

ৰাসোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাসৰ প্ৰস্তুতি। কৃষ্ণ বন্দনাত মুখৰ হৈছে ৰাসৰ আখৰাথলী। গীতৰ তালে তালে নাচি-বাগি আখৰাত ব্যস্ত হৈ পৰিছে শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী।

1 / 5ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাসৰ আখৰা। উজনিৰ পৰা নামনিলৈ ৰাসক লৈ ব্যস্ততা।

ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাসৰ আখৰা। উজনিৰ পৰা নামনিলৈ ৰাসক লৈ ব্যস্ততা।

2 / 5

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাস। ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়।

3 / 5

ৰাস উপলক্ষ্য কৃষ্ণ ৰসত বিলীন হৈছে ভক্ত। গীতৰ তালে তালে নাচি-বাগি আখৰাত ব্যস্ত শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী।

4 / 5

নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত শিয়ালমাৰীৰ কৃষ্ণপুৰী প্ৰবোধ আশ্ৰমত চলিছে জীৱন্ত ৰাসৰ আখৰা। শিশুসকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।

5 / 5

ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু মঞ্চসমূহো । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী ।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক