সাধু-সন্তসকলে কিয় ৰাখে দীঘল দাড়ি-চুলি? প্ৰেমানন্দ মহাৰাজে কৰিলে বাখ্যা | Premananda Maharaj says reason behind sadhu saint matted hair and beard Assam news - Assam Tv9

সাধু-সন্তসকলে কিয় ৰাখে দীঘল দাড়ি-চুলি? প্ৰেমানন্দ মহাৰাজে কৰিলে বাখ্যা

Published: 

19 Jan 2025 | 10:10 PM

সাধু, সন্ত তথা ঋষি বুলি ক’লে প্ৰথমেই আমাৰ মনলৈ আহে দাড়ি-চুলিৰে ভোবোকাৰ এক অৱয়ব। সাধাৰণতে অধিকাংশ সাধু-সন্তকে তেনে বেশভূষাৰে দেখিবলৈ পোৱা যায়। পিছে তেনে বেশভূষাৰ আঁৰত আছে নেকি কোনো কাৰণ? এই প্ৰশ্নটি হয়তো কেতিয়াবা আপোনাৰ মনত উদয় হৈছে। এই সন্দৰ্ভত এক বাখ্যা আগবঢ়াইছে বৃন্দাবনৰ সন্ত প্ৰেমানন্দ মহাৰাজে। চাওঁ আহক এই বিষয়ে।

1 / 5সাধু-সন্তসকলে কিয় দীঘলকৈ দাড়ি-চুলি ৰাখে- এয়া কোনো সময়ত হয়তো আপোনাৰ মনতো উদয় হোৱা এক প্ৰশ্ন। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এক ভিডিঅ’। এই ভিডিঅ’টোত এই প্ৰশ্নটিৰ উত্তৰ দাঙি ধৰিছে প্ৰেমানন্দ মহাৰাজে।

সাধু-সন্তসকলে কিয় দীঘলকৈ দাড়ি-চুলি ৰাখে- এয়া কোনো সময়ত হয়তো আপোনাৰ মনতো উদয় হোৱা এক প্ৰশ্ন। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এক ভিডিঅ’। এই ভিডিঅ’টোত এই প্ৰশ্নটিৰ উত্তৰ দাঙি ধৰিছে প্ৰেমানন্দ মহাৰাজে।

2 / 5

কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে প্ৰেমানন্দ মহাৰাজক সুধিছিল যে সাধু-সন্তসকলে ৰখা দীঘল চুলি আৰু দাড়িৰ ক্ষেত্ৰত শাস্ত্ৰৰ কোনো বিধান আছে নেকি? এই প্ৰশ্নৰ উত্তৰত প্ৰেমানন্দ মহাৰাজে শাস্ত্ৰৰ বিধান থকা বুলি উল্লেখ কৰে।

3 / 5

তেওঁ জানিবলৈ দিয়া মতে, সন্ন্যাসত দুটা পদ্ধতি আছে- এটা মুণ্ডন আৰু আনটো হৈছে আজীৱন চুলি-দাড়ি ৰখোৱা বা ১২ বছৰৰ পিছত দাড়ি-চুলি কটোৱা। সন্তসকলৰ বাবে চুলি-দাড়ি কাটি থকাটো কোনো প্ৰথা নহয় বুলি তেওঁ মন্তব্য কৰে।

4 / 5

পৰিয়ালত বাস কৰা সকলে, পৰিয়ালৰ লগত সম্পৰ্ক থকা সকলে চুলি দাড়ি কাটিব পাৰে। এয়া তেওঁলোকৰ বাবে স্বাভাৱিক। কিন্তু সাধু, সন্ন্যাসীৰ ক্ষেত্ৰত এয়া স্বাভাৱিক কাম নহয় বুলি প্ৰেমানন্দ মহাৰাজে কয়।

5 / 5

বহু পুৰুষৰ চুলি আৰু দাড়ি দীঘল। এনে হ’ব লাগেনে বুলি কৰা আন এক প্ৰশ্নৰ উত্তৰত প্ৰেমানন্দ মহাৰাজে কয় যে পৰিয়ালত বাস কৰা, পৰিয়ালৰ সৈতে বাস কৰা সকলৰ দীঘল চুলি আৰু দাড়ি থকাটো উচিত নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...