ভ্ৰমণ কৰি ভাল পাই নেকি? এই ৰে'লযোগে বিনামূলীয়াকৈ কৰিব পাৰিব তীৰ্থযাত্ৰা... | pravashi rail you can travel for free by rail can visit various tourist place of india Assam news - Assam Tv9

ভ্ৰমণ কৰি ভাল পাই নেকি? এই ৰে’লযোগে বিনামূলীয়াকৈ কৰিব পাৰিব তীৰ্থযাত্ৰা…

Published: 

15 Jan 2025 09:41 AM

Indian railway: দেশ ভ্ৰমণ কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। কিয়নো এই ক্ষেত্ৰত ভাৰতীয় ৰে'লৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ইয়াৰ অধীনত আপুনি বিনামূলীয়াকৈ দেশ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব।

1 / 5প্ৰায় সকলোৱে ভ্ৰমণ কৰি ভাল পায়। আমাৰ দেশত বহু পৰ্যটনস্থলী আছে আৰু এই সমূহ চোৱাৰ ইচ্ছা সকলোৰে থাকে। কিন্তু টকাৰ অভাৱ বা অন্য কাৰণত বহুতৰে এই ইচ্ছা পূৰণ নহয়। কিন্তু এতিয়া আৰু এই ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই।

প্ৰায় সকলোৱে ভ্ৰমণ কৰি ভাল পায়। আমাৰ দেশত বহু পৰ্যটনস্থলী আছে আৰু এই সমূহ চোৱাৰ ইচ্ছা সকলোৰে থাকে। কিন্তু টকাৰ অভাৱ বা অন্য কাৰণত বহুতৰে এই ইচ্ছা পূৰণ নহয়। কিন্তু এতিয়া আৰু এই ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই।

2 / 5

ইয়াৰ মাজতে আজি আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো আপুনি এতিয়া ৰে'লৰ যোগেদি কৰিব পাৰে তীৰ্থযাত্ৰা। এই যাত্ৰাৰ বাবে আপোনাৰ এটকাও খৰচ নহয়। এই সমগ্ৰ খৰচ বহন কৰিব চৰকাৰে।

3 / 5

এই সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন হয় যে, এয়া কেনেকৈ সম্ভৱ? ইয়াৰ উত্তৰ এয়াই যে, এয়া সম্ভৱ চৰকাৰৰ এক পদক্ষেপৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছ নামৰ এখন বিশেষ পৰ্যটন ৰে’ল। ইয়াৰ যোগেদি আপুনি কৰিব পাৰিব ভ্ৰমণ।

4 / 5

নামটোৰ দৰে এই ৰে'লখন প্ৰবাসী ভাৰতীয়ৰ বাবে মুকলি কৰা হৈছে। এই ৰে'লৰ দ্বাৰা ১৫ দিনীয়া তীৰ্থযাত্ৰাত ১৫০ গৰাকী প্ৰবাসী ভাৰতীয়ক লৈ যোৱা হ’ব।ইয়াৰ দায়িত্ব লৈছে ভাৰতীয় ৰে'লৱেই। ৰে'লযোগে সমগ্ৰ দেশ ভ্ৰমণ কৰিবলৈ এটকাও খৰচ কৰিব নালাগে। সকলো খৰচ চৰকাৰে বহন কৰিব।

5 / 5

এই বিশেষ পৰ্যটন ৰে’লখন বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আই আৰ চি টি চিৰ সহযোগত মুকলি কৰা হৈছে। ৪৫ৰ পৰা ৬৫ বছৰ বয়সৰ ভিতৰৰ প্ৰবাসী ভাৰতীয়ই এই ৰে’লত যাত্ৰা কৰি সমগ্ৰ দেশ ভ্ৰমণ কৰিব পাৰিব। এই ৰে'লৰ যোগেদি অযোধ্যা, আগ্ৰা, পাটনা, গয়া, বাৰাণসী, মহাবলীপুৰম, ৰামেশ্বৰম, মাদুৰাই, কোচি, গোৱা, আজমেৰ, পুষ্কৰ আদি ধৰ্মীয় আৰু পৰ্যটন কেন্দ্ৰ পৰিদৰ্শন কৰিব পাৰিব।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...