Post Office: ডাকঘৰৰ বিশেষ আঁচনি, প্ৰতিমাহে লাভ কৰিব ২০,০০০ টকা! কেনেকৈ জানক... | Post Office SCSS Scheme for Senor Citizen know how its helpful All Details In Assamese Assam news - Assam Tv9

Post Office: ডাকঘৰৰ বিশেষ আঁচনি, প্ৰতিমাহে লাভ কৰিব ২০,০০০ টকা! কেনেকৈ জানক…

Published: 

16 Dec 2025 | 04:00 PM

Post Office Scheme: টকা জমা ৰখাৰ বাবে পোষ্ট অফিচ এক উচিত বিকল্প। পোষ্ট অফিচত বিভিন্ন ধৰণৰ আঁচনি আছে যাৰ অধীনত গ্ৰাহকে ভাল লাভ পাব পাৰে। কিন্তু বহু আঁচনিৰ বিষয়ে গ্ৰাহক জ্ঞাত নহয়। ইয়াৰ বিষয়ে জনা দৰকাৰ।

1 / 5গ্ৰাহকৰ সুবিধাৰ বাবে পোষ্ট অফিচত বিভিন্ন ধৰণৰ আঁচনি আছে। এনে এক আঁচনি হ'ল SCSS (Senior Citizens' Savings Scheme)। এই আঁচনিৰ অধীনত বিশেষকৈ ৬০ বছৰ বা তাতকৈ ওপৰৰ বয়সৰ লোকসকলক বিশেষ সুবিধা দিয়া হয়। ইয়াত বিনিয়োগ কৰিলে চৰকাৰে গেৰান্টি দিয়ে যাতে টকা সুৰক্ষিত থাকে। বিশেষকৈ অৱসৰৰ পাছত এই আঁচনি সহায়ক হৈ উঠে।

গ্ৰাহকৰ সুবিধাৰ বাবে পোষ্ট অফিচত বিভিন্ন ধৰণৰ আঁচনি আছে। এনে এক আঁচনি হ'ল SCSS (Senior Citizens' Savings Scheme)। এই আঁচনিৰ অধীনত বিশেষকৈ ৬০ বছৰ বা তাতকৈ ওপৰৰ বয়সৰ লোকসকলক বিশেষ সুবিধা দিয়া হয়। ইয়াত বিনিয়োগ কৰিলে চৰকাৰে গেৰান্টি দিয়ে যাতে টকা সুৰক্ষিত থাকে। বিশেষকৈ অৱসৰৰ পাছত এই আঁচনি সহায়ক হৈ উঠে।

2 / 5

এই আঁচনিখনে বৰ্তমান ৮.২% বাৰ্ষিক সুতৰ হাৰ প্ৰদান কৰি আছে। যি আন বেংকৰ ফিক্স ডিপোজিটতকৈ বহুত বেছি। ইয়াৰ মূল সুবিধাটো হ'ল, এই সুতৰ হাৰ নিৰ্দিষ্ট আৰু বজাৰৰ মূল্যই ইয়াক প্ৰভাৱিত নকৰে। চৰকাৰে এক প্ৰকাৰ বিনিয়োগকাৰীক টকা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত নিশ্চিয়তা প্ৰদান কৰে।

3 / 5

যদি কোনো জ্যেষ্ঠ নাগৰিকে এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰে তেন্তে তেওঁলোকে বছৰি ৮.২% সুতত প্ৰায় ২.৪৬ লাখ টকা লাভ কৰিব। ইয়াক যদি মাহৰ হিচাপত ভাগ কৰা হয় তেন্তে মাহত ২০,০০০ টকা সুতৰ পৰা আয় হ'ব। যি অৱসৰৰ পাছত খৰচৰ বাবে যথেষ্ঠ সহায়ক হৈ পৰিব।

4 / 5

SCSS ৰ সুত মাহেকীয়া নহয়, ত্ৰিমাসিকভাৱেহে দিয়া হয়। এপ্ৰিল, জুলাই, অক্টোবৰ আৰু জানুৱাৰী মাহত সুতৰ পৰিমাণ পোনপটীয়াকৈ বিনিয়োগকাৰীৰ একাউন্টত জমা হয়। সুতৰ পৰা লাভ কৰা ধন আপুনি খৰচ কৰিব পাৰে বা পুনৰ বিনিয়োগ কৰিব পাৰে।

5 / 5

এই আঁচনিখনত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ কৰ্তনৰ সুবিধা পোৱা যায়। ৫ বছৰৰ পাছত আপুনি একাউন্ট মেচিউৰিটি কৰিব পাৰে। যদি সময়ৰ পূৰ্বে এই আঁচনি বন্ধ কৰে তেন্তে জৰিমণা হ'ব পাৰে। ভাল কথা এয়াই যে, এই আঁচনিৰ অধীনত আপুনি ১০০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...