ডাকঘৰৰ এই আঁচনিত বিনিয়োগ কৰি ১৫ বছৰত লাভ কৰক ৪০ লাখ... | Post Office PPF Scheme Investment: Save Rs 12,500 Monthly to Earn Rs 40 Lakh in 15 Years Assam news - Assam Tv9
পিপিএফত বিনিয়োগ কৰিলে ১৫ বছৰৰ পিছত আপোনাৰ লাভ ৪০ লাখ টকাৰ ওচৰ চাপিব পাৰে। এই আঁচনিৰ সবিশেষ জানক।
1 / 5
প্ৰতিমাহে ১২,৫০০ টকা সঞ্চয় কৰি পিপিএফত বিনিয়োগ কৰিলে ১৫ বছৰৰ পিছত আপোনাৰ লাভ ৪০ লাখ টকাৰ ওচৰ চাপিব পাৰে। বিশেষকৈ যিসকলে নিয়মিতভাৱে সঞ্চয় কৰিব বিচাৰে আৰু দীৰ্ঘম্যাদী লাভ নিশ্চিত কৰিব বিচাৰে তেওঁলোকৰ বাবে এই আঁচনিখন।
2 / 5
পিপিএফ আঁচনিখনে বছৰি প্ৰায় ৭.১% কৰমুক্ত সুতৰ হাৰ প্ৰদান কৰে। অৰ্থাৎ উপাৰ্জন কৰা সুতৰ ওপৰত কোনো ধৰণৰ কৰ দিব নালাগিব। যিসকলে কৰ ৰাহি কৰিব বিচাৰে আৰু ৰিস্ক নোহোৱাকৈ নিজৰ ধন বৃদ্ধি কৰিব বিচাৰে তেওঁলোকৰ বাবে এই আঁচনি অতি উত্তম।
3 / 5
এই আঁচনিখনত আপুনি মাত্ৰ ৫০০ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। এই সামান্য ধন সাধাৰণতে সকলোৰে বাবে সুলভ, যাৰ ফলত এই আঁচনিখন সকলোৰে বাবে উপকাৰী। ইয়াৰ পিছত প্ৰতিমাহে বা বছৰি ১.৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব, আপোনাৰ সুবিধা অনুযায়ী।
4 / 5
পিপিএফত আপোনাৰ ধন ১৫ বছৰৰ বাবে লক হৈ থাকে, কিন্তু তাৰ পিছত আপুনি এটা সময়ত ৫ বছৰৰ বাবেও বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সঞ্চয় বহুদিনলৈ সুৰক্ষিত হৈ থাকে আৰু প্ৰয়োজন হ’লে ৫ বছৰৰ পিছত আংশিকভাৱে উইড্ৰৱেল কৰিব পাৰে।