ৰ’নাল্ডোৰ পৰ্তুগীজ বাহিনীৰ সমুখত থমকিল স্পেইনৰ বিজয় ৰথঃ উৱেফা নেচনছ লীগৰ খিতাপ জয় পৰ্তুগালৰ | Portugal beat Spain 5-3 on penalties won UEFA Nations League 2025 Cristiano Ronaldo Lamine Yamal Assam news - Assam Tv9

ৰ’নাল্ডোৰ পৰ্তুগীজ বাহিনীৰ সমুখত থমকিল স্পেইনৰ বিজয় ৰথঃ উৱেফা নেচনছ লীগৰ খিতাপ জয় পৰ্তুগালৰ

Published: 

09 Jun 2025 13:33 PM

যোৱা নিশা অনুষ্ঠিত হয় উৱেফা নেচনছ লীগ ২০২৫ৰ ফাইনেল। প্ৰতিযোগিতাৰ ফাইনেলত মুখামুখি হৈছিল পৰ্তুগাল আৰু স্পেইন। তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত পেনাল্টি শ্বুট আউটত স্পেইনক ৩-৫ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে পৰ্তুগালে।

1 / 5সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীয়ে যোৱা নিশা উপভোগ কৰিলে ফুটবলৰ পৰিচিত ৰোমাঞ্চ। জাৰ্মানীৰ মিউনিখ চহৰত যোৱা নিশা অনুষ্ঠিত হয় উৱেফা নেচনছ লীগ ২০২৫ৰ ফাইনেল। ইউৰোপৰ দুই ফুটবল শক্তি পৰ্তুগাল আৰু স্পেইনৰ মাজত অনুষ্ঠিত হোৱা এই ফাইনেল মেচত দুয়ো দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা পৰিলক্ষিত হয়। অৱশেষত পেনাল্টি শ্বুট আউটত ডিফেণ্ডিং চেম্পিয়ন স্পেইনক ৩-৫ ব্যৱধানত পৰাস্ত কৰি পৰ্তুগালে দখল কৰে খিতাপ।

সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীয়ে যোৱা নিশা উপভোগ কৰিলে ফুটবলৰ পৰিচিত ৰোমাঞ্চ। জাৰ্মানীৰ মিউনিখ চহৰত যোৱা নিশা অনুষ্ঠিত হয় উৱেফা নেচনছ লীগ ২০২৫ৰ ফাইনেল। ইউৰোপৰ দুই ফুটবল শক্তি পৰ্তুগাল আৰু স্পেইনৰ মাজত অনুষ্ঠিত হোৱা এই ফাইনেল মেচত দুয়ো দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা পৰিলক্ষিত হয়। অৱশেষত পেনাল্টি শ্বুট আউটত ডিফেণ্ডিং চেম্পিয়ন স্পেইনক ৩-৫ ব্যৱধানত পৰাস্ত কৰি পৰ্তুগালে দখল কৰে খিতাপ।

2 / 5

এই মেচখনত ফুটবল বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছিল প্ৰধানতঃ কিংবদন্তি পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু ভৱিষ্যতৰ তাৰকা হিচাপে উদিত হোৱা স্পেনিছ কিশোৰ তাৰকা লামিনে য়ামালৰ ওপৰত। ইফালে সম্পূৰ্ণ যুৱ খেলুৱৈৰে সমৃদ্ধ স্পেইনে অভিজ্ঞ আৰু যুৱ প্ৰতিভা মিশ্ৰিত পৰ্তুগালৰ শক্তিক ভেটা দিব পাৰিবনে, সেয়া চাবলৈও উদগ্ৰীৱ হৈ আছিল ফুটবল অনুৰাগীসকল।

3 / 5

অৱশ্যে তীব্ৰ যুঁজ দিও অৱশেষত পেনাল্টিত হাৰ মানিবলৈ বাধ্য হয় স্পেইন। মেচখনত য়ামালে গ’ল স্ক’ৰ কৰিব নোৱাৰিলেও নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে কিছু সমস্যাত পেলাইছিল পৰ্তুগীজ ডিফেঞ্চক। অৱশ্যে পৰ্তুগীজ ডিফেণ্ডাৰ নুন’ মেণ্ডিছে য়ামালক বিশেষ প্ৰভাৱ পেলোৱাত বাধা দিবলৈ সক্ষম হয়। আনহাতে কিংবদন্তি তাৰকা ৰ’নাল্ডোৱে মেচখনত এটা গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়।

4 / 5

মেচখনত অৱশ্যে প্ৰথমে স্পেইনেই অগ্ৰগতি লাভ কৰিছিল। ২১ মিনিটতে জুবিমেণ্ডিয়ে এটা গ’ল স্ক’ৰ কৰি স্পেইনক অগ্ৰগতি প্ৰদান কৰিছিল। কিন্তু মেণ্ডিছে ২৬ মিনিটত এটা গ’ল স্ক’ৰ কৰি পৰ্তুগালৰ হৈ সমতা স্থাপন কৰে। ইয়াৰ পিছত ৪৫ মিনিটত অ’য়াৰঝাবালে স্পেইনৰ হৈ দ্বিতীয়টো গ’ল কৰাৰ পিছত ৬১ মিনিটত ৰ’নাল্ডোৰ গ’লেৰে পৰ্তুগালে পুনৰ সমতা স্থাপন কৰে।

5 / 5

এইদৰে ২-২ ব্যৱধানত মেচৰ নিৰ্ধাৰিত সময়ৰ অন্ত পৰাৰ পিছত মেচখন পেনাল্টিলৈ আগবাঢ়ে। পেনাল্টিত পৰ্তুগালৰ হৈ গঞ্চালো ৰাম’ছ, ভিটিনহা, ব্ৰুনো ফাৰ্নাণ্ডেজ, নুন’ মেণ্ডিছ আৰু ৰুবেন নেভেছে গ’ল স্ক’ৰ কৰাৰ বিপৰীতে পৰ্তুগালৰ হৈ মেৰিনো, বেনা, ইস্ক’ৱে গ’ স্কৰ কৰে যদিও ম’ৰাটা ব্যৰ্থ হয় আৰু এইদৰে পৰ্তুগালে দ্বিতীয়বাৰৰ বাবে নেচনছ লীগৰ খিতাপ জয় কৰে। ইয়াৰ পূৰ্বে পৰ্তুগালে ২০১৯ চনতো প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল।

অক্টোপাছ নে ডলফিন ! মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো ?
পাকঘৰৰ ক্ষেত্ৰত কৰা এই সাধাৰণ ভুলসমূহ হ’ব পাৰে দৰিদ্ৰতাৰ কাৰণ, বাস্তু শাস্ত্ৰই কয় এইদৰে…
আশা কৰা ধৰণে হ্ৰাস পাব ওজন, খাদ্যৰ তালিকাত এইসমূহ পৰিৱৰ্তন কৰক
শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক ইয়াৰ কাৰণ...