স্পা কৰাৰ নামত দেহ ব্যৱসায়ৰ অভিযোগ, মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান | Police raided a spa salon in Rajgarh, Guwahati Assam news - Assam Tv9

স্পা কৰাৰ নামত দেহ ব্যৱসায়ৰ অভিযোগ, মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Published: 

20 Jan 2026 | 05:58 PM

মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান। স্পা কৰাৰ নামত দেহ ব্যৱসায় কৰাৰ অভিযোগ। এটা বন্ধ কোঠাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় অসংযত অৱস্থাত থকা যুৱক-যুৱতীক।

1 / 5শেহতীয়াকৈ অসমৰ বিভিন্ন স্পা চেলুনত আৰক্ষীয়ে অভিযান চলাইছে। বিশেষকৈ এই স্পা চেলুনত দেহ ব্যৱসায়ৰ অভিযোগত ইতিমধ্যে বহু যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে। আজিও গুৱাহাটী মহানগৰীৰ এখন স্পাৰ বন্ধ কোঠাত আৰক্ষীয়ে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় যুৱক-যুৱতীক।

শেহতীয়াকৈ অসমৰ বিভিন্ন স্পা চেলুনত আৰক্ষীয়ে অভিযান চলাইছে। বিশেষকৈ এই স্পা চেলুনত দেহ ব্যৱসায়ৰ অভিযোগত ইতিমধ্যে বহু যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে। আজিও গুৱাহাটী মহানগৰীৰ এখন স্পাৰ বন্ধ কোঠাত আৰক্ষীয়ে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় যুৱক-যুৱতীক।

2 / 5

মহানগৰীৰ ৰাজগড়ৰ স্পা চেলুনত আৰক্ষীৰ অভিযান। স্পা কৰাৰ নামত দেহ ব্যৱসায় কৰাৰ অভিযোগ কালাৰ্ছ ইউনিচেক্স স্পা চেলুনৰ বিৰুদ্ধে। এটা বন্ধ কোঠাত আৰক্ষীয়ে ধৰা পেলায় যুৱক-যুৱতীক।

3 / 5

এগৰাকী সেনা জোৱান আৰু এগৰাকী যুৱতী অপকৰ্মত লিপ্ত হৈ থাকোঁতে দৰ্জাত টোকৰ পৰে আৰক্ষীৰ। তাৰ পিছত আটক কৰে স্পাখনৰ মেনেজাৰসহ আন দুগৰাকী যুৱতীক। লগতে আটক কৰে আন এজন যুৱককো।

4 / 5

এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক সা-সামগ্ৰী। চানমাৰি আৰক্ষীৰ সহযোগত সমগ্ৰ ঘটনা তদাৰক কৰে গুৱাহাটী চেণ্টেলৰ ডিচিপিয়ে।

5 / 5

দীৰ্ঘদিন ধৰি স্পাখনত অনৈতিক কাৰ্য্যকলাপ চলি থকা অভিযোগ লাভ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...