স্পা কৰাৰ নামত দেহ ব্যৱসায়ৰ অভিযোগ, মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান | Police raided a spa salon in Rajgarh, Guwahati Assam news - Assam Tv9

স্পা কৰাৰ নামত দেহ ব্যৱসায়ৰ অভিযোগ, মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Published: 

20 Jan 2026 | 05:58 PM

মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান। স্পা কৰাৰ নামত দেহ ব্যৱসায় কৰাৰ অভিযোগ। এটা বন্ধ কোঠাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় অসংযত অৱস্থাত থকা যুৱক-যুৱতীক।

1 / 5শেহতীয়াকৈ অসমৰ বিভিন্ন স্পা চেলুনত আৰক্ষীয়ে অভিযান চলাইছে। বিশেষকৈ এই স্পা চেলুনত দেহ ব্যৱসায়ৰ অভিযোগত ইতিমধ্যে বহু যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে। আজিও গুৱাহাটী মহানগৰীৰ এখন স্পাৰ বন্ধ কোঠাত আৰক্ষীয়ে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় যুৱক-যুৱতীক।

শেহতীয়াকৈ অসমৰ বিভিন্ন স্পা চেলুনত আৰক্ষীয়ে অভিযান চলাইছে। বিশেষকৈ এই স্পা চেলুনত দেহ ব্যৱসায়ৰ অভিযোগত ইতিমধ্যে বহু যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে। আজিও গুৱাহাটী মহানগৰীৰ এখন স্পাৰ বন্ধ কোঠাত আৰক্ষীয়ে অসংযত অৱস্থাত হাতে-লোটে ধৰা পেলায় যুৱক-যুৱতীক।

2 / 5

মহানগৰীৰ ৰাজগড়ৰ স্পা চেলুনত আৰক্ষীৰ অভিযান। স্পা কৰাৰ নামত দেহ ব্যৱসায় কৰাৰ অভিযোগ কালাৰ্ছ ইউনিচেক্স স্পা চেলুনৰ বিৰুদ্ধে। এটা বন্ধ কোঠাত আৰক্ষীয়ে ধৰা পেলায় যুৱক-যুৱতীক।

3 / 5

এগৰাকী সেনা জোৱান আৰু এগৰাকী যুৱতী অপকৰ্মত লিপ্ত হৈ থাকোঁতে দৰ্জাত টোকৰ পৰে আৰক্ষীৰ। তাৰ পিছত আটক কৰে স্পাখনৰ মেনেজাৰসহ আন দুগৰাকী যুৱতীক। লগতে আটক কৰে আন এজন যুৱককো।

4 / 5

এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক সা-সামগ্ৰী। চানমাৰি আৰক্ষীৰ সহযোগত সমগ্ৰ ঘটনা তদাৰক কৰে গুৱাহাটী চেণ্টেলৰ ডিচিপিয়ে।

5 / 5

দীৰ্ঘদিন ধৰি স্পাখনত অনৈতিক কাৰ্য্যকলাপ চলি থকা অভিযোগ লাভ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া? ইয়াৰ ফলত কি কি সমস্যা হ'ব পাৰে?
ৰক্তহীনতা কিয় হয় ? শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ ঘৰুৱা উপায় জানক
পুৱা আপুনিও কৰে নেকি এনে ভুল? সাৱধান, নিজেই মাতি আনিছে ডায়েবেটিছৰ বিপদ
কণী খালে বৃদ্ধি হয় নেকি শৰীৰৰ ওজন? চিকিৎসকৰ পৰা জানক ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...