সপোনত ময়ুৰ দেখাটো শুভ নে অশুভ! কি সংকেত দিয়ে এনে সপোনে, স্বপ্ন শাস্ত্ৰই কয়... | Peacocks in Dreams: What It Means to See Peacock in Your Dream Assam news - Assam Tv9

সপোনত ময়ুৰ দেখাটো শুভ নে অশুভ! কি সংকেত দিয়ে এনে সপোনে, স্বপ্ন শাস্ত্ৰই কয়…

Updated On: 

10 Aug 2025 15:55 PM

আমি টোপনিৰ সময়ত দেখা প্ৰতিটো সপোনে কিছুমান ইঙ্গিত বহন কৰে বুলি স্বপ্ন শাস্ত্ৰই কয়। এনে কিছুমান সপোনৰ ইঙ্গিত শুভ হয় যদিও কিছুমান অশুভ বিবেচিত হয়। এইদৰে সপোনত ময়ুৰ দেখাৰ অৰ্থও ভিন্ন পৰিস্থিতিত পৃথক পৃথক হ’ব পাৰে। জানো আহক এই বিষয়ে।

1 / 6ময়ুৰ দেখাটো শুভ নে অশুভঃ হিন্দু ধৰ্মত ময়ুৰক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় হিচাপে গণ্য কৰা হয়। একে সময়তে ময়ুৰ ভগৱান কাৰ্তিকৰো বাহন। স্বপ্ন শাস্ত্ৰ মতে, সপোনত ময়ুৰ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু কোনো কোনো পৰিস্থিতিত যেনে মাটিত বহি থকা, মৃত বা যুদ্ধ কৰা ময়ুৰ ময়ুৰ দেখাটো অশুভ।

ময়ুৰ দেখাটো শুভ নে অশুভঃ হিন্দু ধৰ্মত ময়ুৰক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় হিচাপে গণ্য কৰা হয়। একে সময়তে ময়ুৰ ভগৱান কাৰ্তিকৰো বাহন। স্বপ্ন শাস্ত্ৰ মতে, সপোনত ময়ুৰ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু কোনো কোনো পৰিস্থিতিত যেনে মাটিত বহি থকা, মৃত বা যুদ্ধ কৰা ময়ুৰ ময়ুৰ দেখাটো অশুভ।

2 / 6

ময়ুৰে নাচি থকাঃ সপোনত নাচি থকা ময়ুৰ দেখাটো ধন-সম্পত্তি, সমৃদ্ধি আৰু সুখৰ প্ৰতীক বুলি কোৱা হয়। অৰ্থাৎ স্বপ্ন শাস্ত্ৰত এয়া এক শুভ লক্ষণ হিচাপে গণ্য কৰা হয়। সপোনত নাচি থকা ময়ুৰ দেখাৰ অৰ্থ হ’ল অতি সোনকালে আপুনি হয়তো আৰ্থিক সুবিধা লাভ কৰিব বা সমাজত সন্মান লাভ কৰিব।

3 / 6

ময়ুৰ ধৰাঃ সপোনত ময়ুৰ ধৰাটো কিছু ডাঙৰ সফলতা লাভ কৰাৰ লক্ষণ। যদি আপুনি নিজে সপোনত ময়ুৰ ধৰি থকা দেখিছে, তেতিয়া বুজি লওক যে আপোনাৰ প্ৰচেষ্টাই শীঘ্ৰেই সফলতাৰ মুখ দেখিব।

4 / 6

বগা ময়ুৰঃ সপোনত বগা ময়ুৰ দেখাটো অতি শুভ লক্ষণ। এই সপোন সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। স্বপ্ন শাস্ত্ৰ মতে, এই সপোন লক্ষ্মী দেৱীৰ কৃপাৰ চিন। অৰ্থাৎ আপুনি হঠাতে বহু ধন লাভ কৰিব।

5 / 6

নীলা ময়ুৰঃ স্বপ্ন শাস্ত্ৰ মতে সপোনত নীলা ময়ুৰ দেখাৰ অৰ্থ হ’ল আপোনাৰ জীৱনলৈ শুভ সময় আহিব আৰু প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। লগতে এই সপোনে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদৰ ইংগিত দিয়ে।

6 / 6

ময়ুৰৰ জাকঃ সপোনত ময়ুৰৰ জাক দেখাটো শুভ বুলি গণ্য কৰা হয়। স্বপ্ন শাস্ত্ৰত বহু ময়ুৰ একেলগে দেখাটো ভাগ্যৰ সুখদায়ক পৰিৱৰ্তনৰ লক্ষণ হিচাপে গণ্য কৰা হয়।

সুখী বৈবাহিক জীৱনৰ বাবে নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু!
বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা