১ জুনৰ পৰা গুৱাহাটীত এইসমূহ বাহনৰ বাবে পাৰ্কিং হ'ব বিনামূলীয়া, জানক কোনে পাব এই সুবিধা... | parking fee free for 2 and 3 wheeler vehicle of guwahati Assam news - Assam Tv9

১ জুনৰ পৰা গুৱাহাটীত এইসমূহ বাহনৰ বাবে পাৰ্কিং হ’ব বিনামূলীয়া, জানক কোনে পাব এই সুবিধা…

Published: 

14 May 2025 | 04:23 PM

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। বিশেষকৈ দুচকীয়া, তিনিচকীয়া বাহন থকাসকলৰ বাবে এই খবৰ। কিয়নো শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

1 / 5গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। বিশেষকৈ আপোনাৰ ওচৰত যদি ২ চকীয়া বা তিনি চকীয়া বাহন আছে তেন্তে এই খবৰ আপোনাৰ বাবে সুখকৰ হ'ব। কিয়নো ২ আৰু ৩ চকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। বিশেষকৈ আপোনাৰ ওচৰত যদি ২ চকীয়া বা তিনি চকীয়া বাহন আছে তেন্তে এই খবৰ আপোনাৰ বাবে সুখকৰ হ'ব। কিয়নো ২ আৰু ৩ চকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

2 / 5

মহানগৰবাসীক বিশেষ সকাহ প্ৰদান কৰিছে গুৱাহাটী পৌৰ নিগমে। চলিত বৰ্ষৰ ১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং বিনামূলীয়া হ'ব। জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৫১ টা পাৰ্কিং শ্লট বিনামূলীয়া কৰা হৈছে।

3 / 5

অৱশ্যে সকলো বাহনে এই সুবিধা লাভ নকৰে। দুচকীয়া আৰু তিনিচুকীয়া বাহনৰ বাবে পাৰ্কিং বিনামূলীয়া হ'ব। অৰ্থাৎ বাইক, স্কুটী, অটো আদিৰ বাবে এই ব্যৱস্থা। নতুন নিয়ম অনুসৰি তেওঁলোকে ১ জুনৰ পৰা পাৰ্কিঙৰ ভাড়া দিব নালাগে।

4 / 5

এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰনীয়াই। ইয়াৰোপৰি আগন্তুক সময়ত মধ্যবৃত্ত লোকসকলৰ বাইক-স্কুটী পাৰ্ক কৰিবলৈ সুকীয়া পাৰ্কিং শ্লট অগবঢ়োৱাৰো পৰিকল্পনা তেওঁৰ।

5 / 5

উল্লেখ্য যে, পাৰ্কিঙৰ যাতে জনসাধাৰণে যাতে সমস্যাত নপৰে, বা পাৰ্কিঙৰ নামৰ যাতে মহানগৰীত যান-যঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গুৱাহাটী পৌৰ নিগমৰ। গতিকে এই সুবিধা লাভৰ পাছত মহানগৰবাসীক সু-শৃখলাবদ্ধভাৱে গাড়ী চলাবলৈ বা পাৰ্ক কৰিবলৈ আহ্বান জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...