১ জুনৰ পৰা গুৱাহাটীত এইসমূহ বাহনৰ বাবে পাৰ্কিং হ'ব বিনামূলীয়া, জানক কোনে পাব এই সুবিধা... | parking fee free for 2 and 3 wheeler vehicle of guwahati Assam news - Assam Tv9

১ জুনৰ পৰা গুৱাহাটীত এইসমূহ বাহনৰ বাবে পাৰ্কিং হ’ব বিনামূলীয়া, জানক কোনে পাব এই সুবিধা…

Published: 

14 May 2025 16:23 PM

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। বিশেষকৈ দুচকীয়া, তিনিচকীয়া বাহন থকাসকলৰ বাবে এই খবৰ। কিয়নো শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

1 / 5গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। বিশেষকৈ আপোনাৰ ওচৰত যদি ২ চকীয়া বা তিনি চকীয়া বাহন আছে তেন্তে এই খবৰ আপোনাৰ বাবে সুখকৰ হ'ব। কিয়নো ২ আৰু ৩ চকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। বিশেষকৈ আপোনাৰ ওচৰত যদি ২ চকীয়া বা তিনি চকীয়া বাহন আছে তেন্তে এই খবৰ আপোনাৰ বাবে সুখকৰ হ'ব। কিয়নো ২ আৰু ৩ চকীয়া বাহনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

2 / 5

মহানগৰবাসীক বিশেষ সকাহ প্ৰদান কৰিছে গুৱাহাটী পৌৰ নিগমে। চলিত বৰ্ষৰ ১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং বিনামূলীয়া হ'ব। জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৫১ টা পাৰ্কিং শ্লট বিনামূলীয়া কৰা হৈছে।

3 / 5

অৱশ্যে সকলো বাহনে এই সুবিধা লাভ নকৰে। দুচকীয়া আৰু তিনিচুকীয়া বাহনৰ বাবে পাৰ্কিং বিনামূলীয়া হ'ব। অৰ্থাৎ বাইক, স্কুটী, অটো আদিৰ বাবে এই ব্যৱস্থা। নতুন নিয়ম অনুসৰি তেওঁলোকে ১ জুনৰ পৰা পাৰ্কিঙৰ ভাড়া দিব নালাগে।

4 / 5

এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰনীয়াই। ইয়াৰোপৰি আগন্তুক সময়ত মধ্যবৃত্ত লোকসকলৰ বাইক-স্কুটী পাৰ্ক কৰিবলৈ সুকীয়া পাৰ্কিং শ্লট অগবঢ়োৱাৰো পৰিকল্পনা তেওঁৰ।

5 / 5

উল্লেখ্য যে, পাৰ্কিঙৰ যাতে জনসাধাৰণে যাতে সমস্যাত নপৰে, বা পাৰ্কিঙৰ নামৰ যাতে মহানগৰীত যান-যঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গুৱাহাটী পৌৰ নিগমৰ। গতিকে এই সুবিধা লাভৰ পাছত মহানগৰবাসীক সু-শৃখলাবদ্ধভাৱে গাড়ী চলাবলৈ বা পাৰ্ক কৰিবলৈ আহ্বান জনায়।

এই তিনিবিধ খাদ্যই বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা? জানক...
মহিলাসকলে এই লক্ষণবোৰ কেতিয়াও আওকাণ নকৰিব, হাৰ্ট এটেকৰ বলি হ’ব পাৰে
সোণতকৈও মূল্যৱান! ৰূপ পিন্ধাৰ ১০টা আচৰিত লাভ জানক...
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...