লীডছত শতকেৰে উজলিল পণ্ট-ৰাহুলঃ তুলিলে অভিলেখৰ জোৱাৰ, চাওক কি কি নতুন অভিলেখ হ’ল স্থাপন | Pant and Rahul sets Multiple Records in India vs England Leeds test Assam news - Assam Tv9

লীডছত শতকেৰে উজলিল পণ্ট-ৰাহুলঃ তুলিলে অভিলেখৰ জোৱাৰ, চাওক কি কি নতুন অভিলেখ হ’ল স্থাপন

Published: 

24 Jun 2025 10:03 AM

ইংলেণ্ডৰ বিপক্ষে লীডছত চলি থকা টেষ্টত কালি দৰ্শনীয় শতকেৰে উজলি উঠে ভাৰতীয় দলৰ দুই তাৰকা সদস্য ঋষভ পণ্ট আৰু কে এল ৰাহুল। এই শতকীয় ইনিংছেৰে দুয়োগৰাকী তাৰকাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চাওঁ আহক এই বিষয়ে।

1 / 5চলিত লীডছ টেষ্টৰ চতুৰ্থ দিনা কালি ভাৰতীয় তাৰকা বেটাৰদ্বয় ঋষভ পণ্ট আৰু কে এল ৰাহুলৰ শতকৰ সহায়েৰে ভাৰতে দ্বিতীয় ইনিংছত ৩৬৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছতো শতক অৰ্জন কৰা পণ্টে দ্বিতীয় ইনিংছত ১১৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰাহুলে ১৩৭ ৰানৰ চমকপ্ৰদ ইনিংছ খেলে। দুয়ো এই শতকীয় ইনিংছৰ সহায়ত কেইবাটাও নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়।

চলিত লীডছ টেষ্টৰ চতুৰ্থ দিনা কালি ভাৰতীয় তাৰকা বেটাৰদ্বয় ঋষভ পণ্ট আৰু কে এল ৰাহুলৰ শতকৰ সহায়েৰে ভাৰতে দ্বিতীয় ইনিংছত ৩৬৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছতো শতক অৰ্জন কৰা পণ্টে দ্বিতীয় ইনিংছত ১১৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰাহুলে ১৩৭ ৰানৰ চমকপ্ৰদ ইনিংছ খেলে। দুয়ো এই শতকীয় ইনিংছৰ সহায়ত কেইবাটাও নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়।

2 / 5

পণ্টে দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ইংলেণ্ডত অনুষ্ঠিত টেষ্টত এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। আনহাতে বিদেশত টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে পণ্ট। সামগ্ৰিকভাৱে পণ্টৰ পূৰ্বে কেৱল জিম্বাবুৱেৰ উইকেটকীপাৰ বেটছমেন এণ্ডি ফ্লাৱাৰে দুয়োটা ইনিংছতে শতক অৰ্জন কৰিছিল। অৱশ্যে ফ্লাৱাৰে নিজ দেশতে এই কৃতিত্ব অৰ্জন কৰিছিল।

3 / 5

বিদেশী টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বেটছমেন ঋষভ পণ্ট। তেওঁৰ পূৰ্বে বিজয় হাজাৰে, সুনীল গাভাস্কাৰ, ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল। টেষ্টত পণ্টৰ এয়া অষ্টমটো শতক। উইকেটকীপাৰ হিচাপে টেষ্টত শতক অৰ্জনৰ ক্ষেত্ৰত পণ্টতকৈ আগত আছে কেৱল অষ্ট্ৰেলিয়াৰ আডাম গিলক্ৰিষ্ট (১৭) আৰু জিম্বাবুৱেৰ এণ্ডি ফ্লাৱাৰ (১২)। পণ্টৰ লগতে ইংলেণ্ডৰ লেছ এমেছৰ নামত আছে ৮টা শতক।

4 / 5

এই টেষ্টখনত পণ্টে দুয়োটা ইনিংছত মুঠ ৯টা ছয় কোবায়। প্ৰথম ইনিংছত ৬টা ছয় কোবোৱা পণ্টে দ্বিতীয় ইনিংছতো ৩টা ছয় কোবায়। এইদৰে ইংলেণ্ডৰ মাটিত টেষ্টত সৰ্বাধিক ছয় কোবোৱা বিদেশী বেটাৰ হিচাপে পৰিগণিত হয় পণ্ট। সামগ্ৰিকভাৱে এই কৃতিত্ব অৰ্জন কৰা তৃতীয়গৰাকী বেটাৰ ঋষভ পণ্ট। ভাৰতীয় তাৰকাগৰাকীৰ পূৰ্বে ২০০৫ চনত বাৰ্মিংহামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এণ্ড্ৰিউ ফ্লিণ্টফে আৰু ২০২৩ চনত লৰ্ডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেই বেন ষ্ট’কছে ৯টাকৈ ছয় কোবাইছিল।

5 / 5

ইফালে টেষ্টখনত ভাৰতীয় দলক শক্তিশালী আৰম্ভ প্ৰদান কৰাত কে এল ৰাহুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথম ইনিংছত ৪২ ৰান সংগ্ৰহ কৰা ৰাহুলে দ্বিতীয় ইনিংছত শতক সম্পূৰ্ণ কৰাৰ লগে লগে ইংলেণ্ডত তৃতীয়টো টেষ্ট শতক অৰ্জন কৰে। ইংলেণ্ডত টেষ্টত ভাৰতীয় অপেনাৰৰ দ্বাৰা এয়া সৰ্বাধিক শতকৰ অভিলেখ। এইক্ষেত্ৰত ৰাহুলে বিজয় মাৰ্চেণ্ট, সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী আৰু ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰে।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক