পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন আয়োজনৰো পৰিকল্পনা | Palashbari’s 79th Rash Mahotsav: Preparations Peak, Zubeen Garg’s Birth Anniversary to Be Celebrated Assam news - Assam Tv9

পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন আয়োজনৰো পৰিকল্পনা

Updated On: 

31 Oct 2025 | 01:03 AM

সংবাদমেলত ৰাস মহোৎসৱ সমিতিয়ে সদৰী কৰা মতে ১৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই পলাশবাৰী ৰাস মহোৎসৱ খনিৰ সময়ত বহু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপনৰো পৰিকল্পনা কৰিছে সমিতিয়ে।

1 / 5মাজত আৰু মাত্ৰ কেইটামান দিন। তাৰ পিছতে আধ্যাত্মিক চেতনাত ডুব যাব সমগ্ৰ ৰাজ্য। অহা ৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হ’ব ৰাস মহোৎসৱ। পলাশবাৰীতো চলিছে ৰাস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি।

মাজত আৰু মাত্ৰ কেইটামান দিন। তাৰ পিছতে আধ্যাত্মিক চেতনাত ডুব যাব সমগ্ৰ ৰাজ্য। অহা ৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হ’ব ৰাস মহোৎসৱ। পলাশবাৰীতো চলিছে ৰাস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি।

2 / 5

১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৭৯ তম পলাশবাৰী ৰাস মহোৎসৱ। আজি পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেল যোগে সমিতিয়ে ৰাস মহোসৱৰ প্ৰস্তুতি আৰু কাৰ্যসূচী সম্পৰ্কে তথ্য দাঙি ধৰে।

3 / 5

সমিতিৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত আজিৰ এই সংবাদমেলখনি সম্বোধন কৰে পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ সভাপতি মনিময় ক'ৰে। ১৯৪৭ চনত স্থাপিত এই ৰাস মহোৎসৱখনে এইবাৰ ৭৯ বছৰ গৰকিব।

4 / 5

সংবাদমেলত ৰাস মহোৎসৱ সমিতিয়ে সদৰী কৰা মতে ১৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই পলাশবাৰী ৰাস মহোৎসৱ খনিৰ সময়ত বহু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপনৰো পৰিকল্পনা কৰিছে সমিতিয়ে।

5 / 5

প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ কৰি সাংবাদিক সন্মিলন, দিহানাম প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মালোচনী সভা, প্ৰতিযোগীতামূলক অনুষ্ঠান, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, যাত্ৰাভিনয়, লোক সংস্কৃতি উৎসৱ, জুবিন গাৰ্গৰ উপজা দিন উদযাপনেৰে সামৰণী পৰিব ৰাস মহোৎসৱ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...