কাপুৰ পৰিয়ালৰ বোৱাৰীক চুমা খাবলৈ কৰিছিল অস্বীকাৰ, একেটা পৰিয়ালৰ ৪ জন সদস্যৰ সৈতে অভিনয় পাকিস্তানী অভিনেতাৰ | Pakistani Actor Fawad khan worked with Alia bhatt Ranbir kapoor and mom soni Razdan 4 family members Assam news - Assam Tv9

কাপুৰ পৰিয়ালৰ বোৱাৰীক চুমা খাবলৈ কৰিছিল অস্বীকাৰ, একেটা পৰিয়ালৰ ৪ জন সদস্যৰ সৈতে অভিনয় এইগৰাকী পাকিস্তানী অভিনেতাৰ

Published: 

27 Apr 2025 17:02 PM

পহলগাম আক্ৰমণৰ পিছত পুনৰ লাইমলাইটলৈ আহিছে এজন পাকিস্তানী অভিনেতা। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে তেওঁৰ আগন্তুক ছবি ‘আবিৰ গুলাল’ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে পাকিস্তানী অভিনেতাৰ বাবে ভাৰত আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুৱাৰ বন্ধ কৰাৰ দাবী জনাইছে সকলোৱে। কিন্তু কন্য়া, জোঁৱাই আৰু শাহুৰ সৈতে কাম কৰা সেই পাকিস্তানী অভিনেতাজনক আপুনি জানেনে?

1 / 7পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতীয় ছবিত কাম কৰা পাকিস্তানী অভিনেতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ফাৱাদ খানৰ ছবি ‘আবিৰ গুলাল’ত। ইফালে পাকিস্তানী তাৰকাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুৱাৰ বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে জনতাই। আজি আমি আপোনালোকক ক'ম কন্যা আৰু জোঁৱাইৰ পিছত শাহুৰ লগত কাম কৰি থকা অভিনেতাজনৰ কথা। একেটা পৰিয়ালৰ ৪ জন সদস্যৰ সৈতে তেওঁক দেখা গৈছে।

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতীয় ছবিত কাম কৰা পাকিস্তানী অভিনেতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ফাৱাদ খানৰ ছবি ‘আবিৰ গুলাল’ত। ইফালে পাকিস্তানী তাৰকাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুৱাৰ বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে জনতাই। আজি আমি আপোনালোকক ক'ম কন্যা আৰু জোঁৱাইৰ পিছত শাহুৰ লগত কাম কৰি থকা অভিনেতাজনৰ কথা। একেটা পৰিয়ালৰ ৪ জন সদস্যৰ সৈতে তেওঁক দেখা গৈছে।

2 / 7

সেইগৰাকী হৈছে পাকিস্তানী অভিনেতা ফাৱাদ খান। ২০২৫ চনৰ ৯ মে’ত মুক্তি পোৱাৰ কথা আছিল অভিনেতাগৰাকীৰ ছবি ‘আবিৰ গুলাল’। এইখন ফাৱাদৰ প্ৰথমখন বলীউড ছবি নহয়। ইয়াৰ পূৰ্বেও তেওঁ বহু ছবিত কাম কৰিছে। তেওঁ বলীউডৰ বিখ্যাত এটা পৰিয়ালৰ ৪ জন লোকৰ লগত অভিনয়ো কৰিছে।

3 / 7

২০১৬ চনত সিদ্ধাৰ্থ মালহোত্ৰা আৰু আলিয়া ভাটৰ ছবি 'কাপুৰ এণ্ড চন্স'-এ মুক্তি লাভ কৰে। যিখন পৰিচালনা কৰিছিল শকুন বাত্ৰাই। ধৰ্ম প্ৰডাকচনৰ অধীনত ইয়াক যৌথভাৱে প্ৰস্তুত কৰা হৈছিল। তাত এজন পাকিস্তানী অভিনেতায়ো কাম কৰিছিল। আলিয়া ভাটে কৈছিল যে ছবিখনত ফাৱাদ খানে তেওঁক চুমা খাবলৈ অস্বীকাৰ কৰিছিল। দুয়োৰে মাজত বহুত ভাল সম্পৰ্ক আছিল।

4 / 7

তাতোকৈ বিশেষ কথাটো হ’ল এই ছবিখনত ঋষি কাপুৰো আছিল, যি পিছলৈ আলিয়া ভাটৰ শহুৰ হৈছিল। চাবলৈ গ'লে কাপুৰ বংশৰ চতুৰ্থগৰাকী পৰিয়ালৰ সদস্যৰ লগতো তেওঁ কাম কৰিছে। কিন্তু এই ছবিখন মুক্তি পোৱাৰ সময়ত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহ হোৱা নাছিল।

5 / 7

তাৰ পিছত ২০১৬ চনত ৰনবীৰ কাপুৰ আৰু অনুষ্কা শৰ্মাৰ উপৰিও কৰণ জোহৰৰ 'Ae Dil Hai Mushkil'ত ফাৱাদ খানক দেখা গ’ল। তেওঁ ডিজে আলী আহমেদৰ চৰিত্ৰত অভিনয় কৰিছিল। পত্নী আলিয়া ভাটৰ পিছত স্বামী ৰণবীৰ কাপুৰৰ ছবিতো কাম কৰিছে ফাৱাদে। অৱশ্যে তেওঁ ৰণবীৰৰ পিতৃৰ লগতো কাম কৰিছে। অনুষ্কা শৰ্মাৰ সৈতে এই ছবিখনত তেওঁৰ এক সংযোগ আছিল।

6 / 7

‘আবিৰ গুলাল’ ৯ মে’ত মুক্তি পোৱাৰ কথা আছিল যদিও মুক্তি স্থগিত ৰখা হৈছে। পহলগাম আক্ৰমণৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ফৱাদ খানৰ এই ছবিখনত কাম কৰি আছে ছোনী ৰাজদান। তেওঁ আলিয়া ভাটৰ মাতৃ আৰু ৰণবীৰ কাপুৰৰ শাহু। একেটা পৰিয়ালৰ ৪ জন লোকৰ সৈতে কাম কৰিছে ফাৱাদ খানে।

7 / 7

পাকিস্তানৰ অন্যতম শীৰ্ষ অভিনেতা ফাৱাদ খান। পাকিস্তানী ছবি এখনৰ বাবে তেওঁ ২ কোটি টকা পৰ্যন্ত ধন লয়। অৱশ্যে টিভি শ্ব’ এটাৰ বাবে ১৫ৰ পৰা ২০ লাখ টকা লয়। কোৱা হৈছে যে আবিৰ গুলালৰ বাবেও ৫-১০ কোটি টকা লৈছে।

Related Stories
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক
নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি