আজি ৰাজ্যৰ ৪৩ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন, তালিকাত নাম আছে নেকি আপোনাৰ? জানক সবিশেষ... | Over 43 lakh people will get govt money today assam says himannta biswa sarma Assam news - Assam Tv9

আজি ৰাজ্যৰ ৪৩ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন, তালিকাত নাম আছে নেকি আপোনাৰ? জানক সবিশেষ…

Published: 

10 Mar 2025 | 11:16 AM

আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউন্টত সোমাব চৰকাৰী ধন। সামাজিক মাধ্যমৰ জৰিয়তে এক বিশেষ পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।

1 / 5এক ভাল খবৰ! আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউন্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, ৪৩ লাখৰো অধিকলোকে আজি লাভ কৰিব চৰকাৰী ধন।

এক ভাল খবৰ! আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউন্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, ৪৩ লাখৰো অধিকলোকে আজি লাভ কৰিব চৰকাৰী ধন।

2 / 5

উল্লেখ্য যে, আজি ১০ মাৰ্চ। প্ৰতিমাহৰ ১০ তাৰিখে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউন্টত চৰকাৰী ধন সোমায়। এই দিনটোতে অৰুণোদয়,শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহাৰ্য আঁচনিৰ হিতাধিকাৰীয়ে ধন লাভ কৰে।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- আজি মাৰ্চৰ ১০ তাৰিখ অৰ্থাৎ পেঞ্চন আৰু অৰুণোদয় দিন৷ আজিৰ দিনটোতে অসমৰ ৪৩ লাখৰো অধিক লোকক বেংক হস্তান্তৰেৰে মুঠ ৩৮০ কোটি টকাতকৈও অধিক প্ৰাপ্য সাহায্য প্ৰেৰণ কৰা হ'ব। এয়া আমাৰ চৰকাৰৰ ধাৰাবাহিকতা বৰ্তাই আৰ্তজনৰ সামাজিক তথা আৰ্থিক সুৰক্ষা নিশ্চিতকৰণত এক দায়বদ্ধ প্ৰকাশ৷

4 / 5

উল্লেখ কৰা প্ৰয়োজন যে, বিভিন্ন সময়ত অসম চৰকাৰে ৰাইজৰ হকে বহু আঁচনি ৰূপায়ন কৰে। ৰাজ্যৰ ১৮ খন আঁচনিৰ ভিতৰত অন্যতম অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত বৰ্তমান অসমত হিতাধিকাৰীৰ সংখ্যা ২৪.৬০ লাখৰো অধিক। এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২ লাখলৈ বৃদ্ধ কৰাৰ লক্ষ্য চৰকাৰৰ।

5 / 5

হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ১০ তাৰিখ মানে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোত ৰাজ্যৰ ৪৩,৪৫,৮৬৪ গৰাকী হিতাধিকাৰীয়ে ধন লাভ কৰিব। ইয়াৰ বাবে চৰকাৰে ধন আদায় কৰিব ৩৮৫.২৩ কোটি টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...