Orunodoi: বছৰৰ প্ৰথম দিনটোত ভাল খবৰ! ৩৭ লাখ মহিলাই লাভ কৰিব ৮,০০০কৈ টকা... | Orunodoi Scheme Women Will Gets 8k Announced Himanta Biswa Sarma See Details IN Assamese Assam news - Assam Tv9

Orunodoi: বছৰৰ প্ৰথম দিনটোত ভাল খবৰ! ৩৭ লাখ মহিলাই লাভ কৰিব ৮,০০০কৈ টকা…

Published: 

01 Jan 2026 14:15 PM

Orunodoi Scheme: অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৮ হাজাৰ টকা। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। লগতে ঘোষণা কৰে বিশেষ উপহাৰ।

1 / 5লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব একেলগে ৮ হাজাৰ টকা। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, ২০ ফেব্ৰুৱাৰীত ৮০০০ টকা লাভ কৰিব হিতাধিকাৰীয়ে। ইয়াৰে ৩ হাজাৰ টকা বিশেষ উপহাৰ।

লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব একেলগে ৮ হাজাৰ টকা। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, ২০ ফেব্ৰুৱাৰীত ৮০০০ টকা লাভ কৰিব হিতাধিকাৰীয়ে। ইয়াৰে ৩ হাজাৰ টকা বিশেষ উপহাৰ।

2 / 5

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন সমাগত। যাৰ বাবে চৰকাৰে এইবাৰ একেলগে ৪ মাহৰ অৰ্থাৎ জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে ১২৫০ টকাকৈ ৪ মাহত ৫০০০ টকা হয়। এই ধন ৰাশিৰ লগতে ৩০০০ টকা বিশেষ উপহাৰ প্ৰদান কৰে। মুঠ ৮০০০ টকা।

3 / 5

শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখে যে, ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃ-ভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিব বিচাৰিছোঁ৷ অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ব’হাগ বিহু উপহাৰ হিচাপে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব।

4 / 5

উল্লেখ্য যে, প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে মাহে ১২৫০ টকাকৈ লাভ কৰে। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হয়। কিন্তু এইবাৰ একেলগে অতিৰিক্ত ধন ৰাশি প্ৰদান কৰা হ'ব।

5 / 5

অসম বিধানসভা নিৰ্বাচন সমাগত। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈছিল যে, একলগে ধনৰাশি প্ৰদান কৰা হ'ব। শৰ্মাই এয়াও কৈছিল যে, ১ তাৰিখে মহিলাসকলে ভাল খবৰ লাভ কৰিব। তাৰ পাছতে আজি শৰ্মাই এই ঘোষণা কৰে।

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?