আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন, এইসকল আছে তালিকাত... | orunodoi and pension day 10th june himanta biswa sarma post see details Assam news - Assam Tv9

আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন, এইসকল আছে তালিকাত…

Published: 

10 Jun 2025 14:08 PM

ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰে।

1 / 5আজি জুন মাহৰ ১০ তাৰিখ। এই দিনটোই ৰাজ্যৰ একাংশ লোকৰ বাবে লৈ আহিছে ভাল খবৰ। আজিৰ দিনটোতেই ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সামাজিক মাধ্যমত জনায়।

আজি জুন মাহৰ ১০ তাৰিখ। এই দিনটোই ৰাজ্যৰ একাংশ লোকৰ বাবে লৈ আহিছে ভাল খবৰ। আজিৰ দিনটোতেই ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সামাজিক মাধ্যমত জনায়।

2 / 5

শৰ্মাই লিখে যে-"আজি জুন মাহৰ ১০ তাৰিখ অৰ্থাৎ অৰুণোদয় দিন। আজিৰ দিনটোতে অসমৰ ৪৩ লাখৰো অধিক লোকলৈ পোনপটীয়া বেংক হস্তান্তৰেৰে মুঠ ৩৮৪ কোটি টকাতকৈও অধিক প্রাপ্য সাহায্য প্ৰেৰণ কৰা হ'ব। এয়া আমাৰ চৰকাৰৰ ধাৰাবাহিকতা বৰ্তাই আৰ্তজনৰ সামাজিক তথা আর্থিক সুৰক্ষা নিশ্চিতকৰণৰ এক দায়বদ্ধ প্রকাশ"।

3 / 5

উল্লেখ্য যে, প্ৰতিমাহৰ ১০ তাৰিখে অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত অৰুণোদয় আৰু পেঞ্চনৰ টকা প্ৰেৰণ কৰে। এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৪৩,৪৫,৮৬৪ । ইয়াৰ বাবে চৰকাৰৰ প্ৰতিমাহে ব্যয় হয় ৩৮৫.২৩ কোটি টকা।

4 / 5

গতিকে তাৰে পৰিপ্ৰেক্ষিতত আজি ৰাজ্যৰ লাখ লাখ লোকে ধন লাভ কৰিব। উল্লেখ্য যে, মহিলাসকলৰ আৰ্থিকভাবে স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে অৰুণোদয় আঁচনি ৰূপায়ন কৰিছিল।

5 / 5

ইয়াৰোপৰি ইতিমধ্যে অৰুণোদয় ৩.০ ৰ বাবে সাজু হৈছে চৰকাৰ। এই সন্দৰ্ভত চৰকাৰে কয়, অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা ।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...