Orunodoi 3.0: কেতিয়া আৰম্ভ হ'ব অৰুণোদয় ৩.০? এইবাৰ মহিলাসকলে লাভ কৰিব অতিৰিক্ত টকা... | orunodoi 3.0 start soon himanta biswa sarma announced date see in details Assam news - Assam Tv9

Orunodoi 3.0: কেতিয়া আৰম্ভ হ’ব অৰুণোদয় ৩.০? এইবাৰ মহিলাসকলে লাভ কৰিব অতিৰিক্ত টকা…

Published: 

03 Sep 2025 20:07 PM

Orunodoi 3.0: অৰুণোদয় আঁচনিৰ দ্বাৰা মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰতিমাহে অসম চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। এইবাৰ চৰকাৰে অৰুণোদয় ৩.০ শুভাৰম্ভ কৰিবলৈ সাজু হৈছে।

1 / 5অৰুণোদয় আঁচনিৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় ৩.০।  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এটা বিশেষ দিনত এই আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ হ'ব।

অৰুণোদয় আঁচনিৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় ৩.০। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এটা বিশেষ দিনত এই আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ হ'ব।

2 / 5

শৰ্মাই কয় যে, অহা ১৭ ছেপ্টেম্বৰত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিনটোত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।

3 / 5

ইয়াৰ লগতে শৰ্মাই কয় যে, এইবাৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি হিতাধিকাৰীসকলক ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ ২৫০ টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰা হ'ব। যিয়ে সকাহ দিব মহিলাখিনিক।

4 / 5

তেওঁ আৰু কয়, ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক বজাৰতকৈ কম দৰত দাইল,চেনী আৰু নিমখ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। শৰ্মাই আৰু কয় যে, মই ভাবো যেতিয়া এগৰাকী মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হয় তেতিয়া পৰিয়াল এটা সুন্দৰভাৱে পৰিচালিত হয়।

5 / 5

উল্লেখ্য যে, এই আঁচনিৰ অধীনত চৰকাৰে হিতাধিকাৰী মহিলাসকলক ১২৫০ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে। কিন্তু এইবাৰ ৰন্ধন গেছৰ বাবদো টকা লাভ কৰিব।

দেৱালীৰ সময়ত ধন লাভৰ যোগ আছে ৩ ৰাশিৰ লোকৰ...
পানী খোৱাৰ সময়ত সাৱধান, এনে ভুল কৰিলেই জীৱনলৈ নামিব পাৰে বিপদ
মাহেকীয়াৰ স্ৰাৱৰ দুৰ্গন্ধ ওলাই নেকি? এয়া কি ৰোগৰ সংকেত জানক
১৫ ছেপ্টেম্বৰৰ পাছতেই কপাল ফুলিব এই ৰাশিৰ লোকৰ, জানক...