Orunodoi 3.0: আজি মুকলি হ'ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ... | orunodoi 3.0 start From today know all details in assamese Assam news - Assam Tv9

Orunodoi 3.0: আজি মুকলি হ’ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ…

Published: 

07 Oct 2025 | 10:32 AM

Orunodoi 3.0: মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ৰূপায়ণ কৰা এক আঁচনি অৰুণোদয়। এই আঁচনিৰ অধীনত মহিলাসকলে মাহিলী ১২৫০ টকাকৈ লাভ কৰে। আজি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ মুকলিৰ দিন।

1 / 5আজি মুকলি হ'ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ। খানাপাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব অৰুণোদয় ৩.০। এই আঁচনিয়ে ৰাজ্যৰ প্ৰায় ৩৮ লাখতকৈ অধিক মহিলাক সামৰি ল'ব।

আজি মুকলি হ'ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ। খানাপাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব অৰুণোদয় ৩.০। এই আঁচনিয়ে ৰাজ্যৰ প্ৰায় ৩৮ লাখতকৈ অধিক মহিলাক সামৰি ল'ব।

2 / 5

এই অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব। ইয়াৰ বাবে প্ৰতিমাহে চৰকাৰে প্ৰায় ৪১০ কোটি টকা ব্যয় কৰিব। মহিলাসকলক আৰ্থিক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি ৰূপায়ন কৰিছিল।

3 / 5

প্ৰতিটো ভোটকেন্দ্ৰক এই আঁচনি উদ্বোধনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হব। এনে ক্ষেত্ৰত প্ৰতিখন জিলা প্ৰশাসনে কৰিছে বিশেষ ব্যৱস্থা। বিদ্যালয়সমূহত মহিলাসকলে এই উদ্বোধনী কাৰ্যসূচী চাব পাৰিব। যাৰ বাবে পাঠদান ব্যাহত হোৱাৰ সম্ভাৱনা আছে।

4 / 5

উল্লেখ্য যে, অৰুণোদয় আঁচনিৰ ধনৰাশিৰ লগতে হিতাধিকাৰীসকলক ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ ২৫০ টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰিব চৰকাৰে। ইয়াৰোপৰি ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক বজাৰতকৈ কম দৰত দাইল,চেনী আৰু নিমখ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।

5 / 5

উল্লেখ্য যে,প্ৰথম অৱস্থাত মহিলাসকলক ৮৩০ টকা দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ বৃদ্ধি কৰা হয়। এতিয়া মহিলাসকলে মাহে ১২৫০ টকাকৈ লাভ কৰিব। সাধাৰণতে প্ৰতি মাহৰ ১০ তাৰিখে অৰুণোদয়ৰ ধন সোমায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...