মাত্ৰ ১০ দিনত ৯২০ কোটি টকা! উৎসৱৰ বতৰত ৰাজ্যত সুৰা বিক্ৰীৰ নতুন অভিলেখ | Onam 2025: Liquor Sales Hit All-Time High at rs920 Crore in Kerala Assam news - Assam Tv9

মাত্ৰ ১০ দিনত ৯২০ কোটি টকা! উৎসৱৰ বতৰত ৰাজ্যত সুৰা বিক্ৰীৰ নতুন অভিলেখ

Updated On: 

09 Sep 2025 10:24 AM

মাত্ৰ ১০টা দিনৰ ভিতৰতে ৯২০ কোটি টকাতকৈও অধিক মূল্যৰ সুৰা বিক্ৰীয়ে ৰাজ্যত এক নতুন অভিলেখ গঢ়িছে। সুৰা বিক্ৰীৰ জৰিয়তে উৎসৱৰ বতৰত ৰাজকোষলৈ আহিছে বৃহৎ পৰিমাণৰ মুনাফা।

1 / 5মাত্ৰ ১০টা দিনৰ ভিতৰত ৰাজ্যত বিক্ৰী হ’ল ৯২০ কোটি টকাতকৈও অধিক মূল্যৰ সুৰা। সুৰা বিক্ৰীৰ এই পৰিমাণে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। এইদৰে সুৰাৰ জৰিয়তে ৰাজকোষলৈ আহিল বুজন মুনাফা।

মাত্ৰ ১০টা দিনৰ ভিতৰত ৰাজ্যত বিক্ৰী হ’ল ৯২০ কোটি টকাতকৈও অধিক মূল্যৰ সুৰা। সুৰা বিক্ৰীৰ এই পৰিমাণে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। এইদৰে সুৰাৰ জৰিয়তে ৰাজকোষলৈ আহিল বুজন মুনাফা।

2 / 5

অৱশ্যে এই খবৰ অসমৰ নহয়, দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাতহে সুৰা বিক্ৰীৰ এই অভিলেখ স্থাপন হৈছে। কেৰালাৰ পৰম্পৰাগত উৎসৱ ওনামৰ সময়ত এই বৃহৎ পৰিমাণৰ সুৰা বিক্ৰী হোৱা বুলি তথ্য প্ৰকাশ পাইছে।

3 / 5

তথ্য অনুসৰি কেৰেলা ষ্টেট বেভাৰেজ কৰ্পৰেশ্যন লিমিটেড (BEVCO)ৰ আউটলেটৰ পৰা মুঠ ৯২০.৭৪ কোটি টকাৰ সুৰা বিক্ৰী হয়। যোৱা বছৰৰ তুলনাত এই পৰিমাণ ৯.৩৪ শতাংশ অধিক। ওনাম উৎসৱৰ সময়ত ২০২৪ চনত মুঠ ৮৪২.০৭ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

4 / 5

এইবাৰ উত্তৰদামত (ওনামৰ দশম দিন) সুৰা বিক্ৰীৰ ক্ষেত্ৰত সৰ্বকালৰ সৰ্বোচ্চ হাৰৰ অভিলেখ গঢ়ে। কেৱল এই দিনটোতে মুঠ ১৩৭.৬৪ কোটি টকাৰ সুৰা বিক্ৰী হয়। উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ কেৰেলাত ওনাম উৎসৱ অনুষ্ঠিত হৈছিল।

5 / 5

এই ওনাম উৎসৱৰ বতৰত ৰাজ্যবাসীক সকাহ প্ৰদানৰ বাবে চৰকাৰে ১৩টা অত্যাৱশ্যকীয় সামগ্ৰী ৰাজসাহায্যযুক্ত মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। লগতে দৈনিক ব্যৱহাৰৰ অন্যান্য সামগ্ৰীসমূহক ১০ৰ পৰা ৪০ শতাংশলৈকে ৰেহাই দিয়া হয়।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...