শিক্ষক দিৱসৰ দিনাই মহানগৰীত প্ৰতিবাদত নামিল কেইবাশতাধিক শিক্ষকঃ লতাশিলৰ পৰা তুলিলে এনে দাবী | On Teachers Day, Hundreds of Tutors Stage Protest in Guwahati Assam news - Assam Tv9

শিক্ষক দিৱসৰ দিনাই মহানগৰীত প্ৰতিবাদত নামিল কেইবাশতাধিক শিক্ষকঃ লতাশিলৰ পৰা তুলিলে এনে দাবী

Updated On: 

05 Sep 2025 19:26 PM

প্ৰাদেশীকৃত মধ‍্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই আজি গুৱাহাটী মহানগৰীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজি কেইবাশতাধিক শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহে।

1 / 5প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক তথা শিক্ষাবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে শিক্ষক দিৱস। শিক্ষাদানেৰে সমাজক জ্ঞানৰ পোহৰ দেখুওৱা শিক্ষকসকলৰ প্ৰতি আজি দিনটোত বিশেষভাৱে শ্ৰদ্ধা তথা সন্মান নিবেদিছে সকলো লোকে।

প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক তথা শিক্ষাবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে শিক্ষক দিৱস। শিক্ষাদানেৰে সমাজক জ্ঞানৰ পোহৰ দেখুওৱা শিক্ষকসকলৰ প্ৰতি আজি দিনটোত বিশেষভাৱে শ্ৰদ্ধা তথা সন্মান নিবেদিছে সকলো লোকে।

2 / 5

পিছে এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে গুৱাহাটী মহানগৰীত দেখা গ’ল এক বিশেষ দৃশ্য। শিক্ষক দিৱসৰ দিনাই আজি মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাশতাধিক শিক্ষকে।

3 / 5

প্ৰাদেশীকৃত মধ‍্য ইংৰাজী, নিম্ন প্ৰথমিক শিক্ষক (টিউটৰ) সংস্থাই আজি গুৱাহাটী মহানগৰীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজি কেইবাশতাধিক শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহে।

4 / 5

শিক্ষকৰ মৰ্যাদা বিচাৰি এই প্ৰতিবাদী অনশন কাৰ্যসূচী গ্ৰহণ কৰে টিউটৰসকলে। ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা টিউটৰসকলে লতাশিল খেলপথাৰৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰে।

5 / 5

জানিব পৰা মতে টিউটৰসকলে প্ৰথমে ৰাজভৱনৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল। কিন্তু প্ৰয়োজনীয় অনুমতি লাভ নকৰাৰ বাবে তেওঁলোকে লতাশিল খেলপথাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ