উৎসৱৰ বতৰত আকৰ্ষণীয় খবৰঃ ৫০ হাজাৰতকৈ কম মূল্যত অ’লাৰ এই ই-স্কুটাৰ, আছে আন অফাৰো | OLA S1-X e-scooter under rs 50000 OLA electric boss sale check details Assam news - Assam Tv9

উৎসৱৰ বতৰত আকৰ্ষণীয় খবৰঃ ৫০ হাজাৰতকৈ কম মূল্যত অ’লাৰ এই ই-স্কুটাৰ, আছে আন অফাৰো

monjit-dutta
Published: 

03 Oct 2024 16:14 PM

আজিৰ পৰা দেশত উদযাপিত হৈছে শাৰদীয় নৱৰাত্ৰি। উৎসৱৰ এই বতৰত বাহনসমূহত আগবঢ়োৱা হয় বিশেষ অফাৰ। অ’লায়ো এই উৎসৱৰ বতৰত ই-স্কুটাৰৰ ক্ষেত্ৰত আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। এই সময়ছোৱাত কম মূল্যতে আপুনি অ’লাৰ ইলেক্ট্ৰিক স্কুটাৰ ক্ৰয় কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। কোম্পানীটোৱে বছ চেলৰ অধীনত ই-স্কুটাৰত বিপুল ৰেহাই প্ৰদান কৰিছে। এই অফাৰ নৱৰাত্ৰিৰ প্ৰথম দিন অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে।

1 / 5Ola Electric- এ আজিৰ পৰা আৰম্ভ কৰিছে BOSS চেল। এই সময়ছোৱাত S1 ৰেঞ্জৰ ইলেক্ট্ৰিক স্কুটাৰত এক এক্সক্লুছিভ অফাৰ উপলব্ধ হৈছে গ্ৰাহকৰ বাবে। ইয়াৰ সহায়ত অতি কম মূল্যত অ’লা ইলেক্ট্ৰিক স্কুটাৰ ক্ৰয় কৰিব পাৰিব।

Ola Electric- এ আজিৰ পৰা আৰম্ভ কৰিছে BOSS চেল। এই সময়ছোৱাত S1 ৰেঞ্জৰ ইলেক্ট্ৰিক স্কুটাৰত এক এক্সক্লুছিভ অফাৰ উপলব্ধ হৈছে গ্ৰাহকৰ বাবে। ইয়াৰ সহায়ত অতি কম মূল্যত অ’লা ইলেক্ট্ৰিক স্কুটাৰ ক্ৰয় কৰিব পাৰিব।

2 / 5BOSS চেলত S1 X বৈদ্যুতিক স্কুটাৰখন মাত্ৰ ৪৯,০০০ টকাত ক্ৰয় কৰিব পাৰিব। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালাই এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে।

BOSS চেলত S1 X বৈদ্যুতিক স্কুটাৰখন মাত্ৰ ৪৯,০০০ টকাত ক্ৰয় কৰিব পাৰিব। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালাই এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে।

3 / 5এই অফাৰৰ অধীনত স্কুটাৰখনত ১০ হাজাৰ টকাৰ ৰেহাই, ৫ হাজাৰ টকাৰ এক্সচেঞ্জ বোনাচ, 6,000 টকাৰ MoveOS সুবিধা, ৩ হাজাৰ টকাৰ হাইপাৰচাৰ্জিং ক্ৰেডিট আৰু ৭ হাজাৰ টকাৰ বেটাৰী ৱাৰেণ্টি (৮ বছৰৰ বাবে) লাভ কৰিব।

এই অফাৰৰ অধীনত স্কুটাৰখনত ১০ হাজাৰ টকাৰ ৰেহাই, ৫ হাজাৰ টকাৰ এক্সচেঞ্জ বোনাচ, 6,000 টকাৰ MoveOS সুবিধা, ৩ হাজাৰ টকাৰ হাইপাৰচাৰ্জিং ক্ৰেডিট আৰু ৭ হাজাৰ টকাৰ বেটাৰী ৱাৰেণ্টি (৮ বছৰৰ বাবে) লাভ কৰিব।

4 / 5

ইয়াৰ উপৰিও অ’লাই ৰেফাৰেল প্ৰগ্ৰেমো আগবঢ়াইছে। ইয়াৰ অধীনত প্ৰতিটো ৰেফাৰেলে ৩০০০ টকা আৰু ক্ৰেতাই ২০০০ টকা ৰেহাই লাভ কৰিব। এই অফাৰ শীৰ্ষ ১০০ জন ৰেফাৰেলৰ বাবে উপলব্ধ হ’ব। ইয়াৰ উপৰিও আনুষংগিক সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্ত অফাৰো উপলব্ধ।

5 / 5

উল্লেখ্য যে S1 Xৰ মূল মূল্য ৬৯,৯৯৯ টকাৰ পৰা ৯৪,৯৯৯ টকাৰ ভিতৰত। এই স্কুটাৰখনৰ শীৰ্ষ গতিবেগ প্ৰতি ঘণ্টাত ৮৫ কিলোমিটাৰ। সম্পূৰ্ণ চাৰ্জিং হোৱাৰ পিছত এই স্কুটাৰখনে ৯৫ কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিব।

প্ৰ’ষ্টেট কৰ্কট ৰোগীয়ে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ কৰে, কিদৰে থাকিব সাৱধান?
Dhanteras 2025: ধনতেৰাচত কি কি বস্তু কিনিলে শুভ ফল পোৱা যায়
পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...