এই ৫টা পুষ্টিকৰ উপাদানৰ অভাৱ হ'লে সঘনাই ৰোগত আক্ৰান্ত হ'ব... | Nutrient Deficiencies And Tips To Overcome in Assamese Assam news - Assam Tv9

এই ৫টা পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে সঘনাই ৰোগত আক্ৰান্ত হ’ব, কেনেকৈ হাত সাৰিব পাৰি? জানক

manas-borah
Published: 

17 Sep 2024 22:49 PM

সুস্থাস্থ্যৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰাটো অতি প্ৰয়োজন । যেতিয়াই কোনো ধৰণৰ ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱ হ’ব তেতিয়াই বিভিন্ন ৰোগে শৰীৰত আক্ৰমণ কৰিব। কিন্তু তেজৰ পৰীক্ষা নকৰালৈকে শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা বুলি গম পোৱা নাযায় । পুষ্টিৰ অভাৱ দূৰ কৰাৰ বাবে সদায় পৰিপূৰক খাদ্যই খোৱাটোৱেই একমাত্ৰ উপায় নহয়।

1 / 8সুস্থাস্থ্যৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰাটো অতি প্ৰয়োজন । যেতিয়াই কোনো ধৰণৰ ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱ হ’ব তেতিয়াই বিভিন্ন ৰোগে শৰীৰত আক্ৰমণ কৰিব।

সুস্থাস্থ্যৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰাটো অতি প্ৰয়োজন । যেতিয়াই কোনো ধৰণৰ ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱ হ’ব তেতিয়াই বিভিন্ন ৰোগে শৰীৰত আক্ৰমণ কৰিব।

2 / 8দাঁত-চুলি-হাড় গঠনৰ পৰা আৰম্ভ কৰি শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থ অতি প্ৰয়োজনীয়। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰটো ভিটামিন আৰু খনিজ পদাৰ্থৰ মুখ্য ভূমিকা আছে।

দাঁত-চুলি-হাড় গঠনৰ পৰা আৰম্ভ কৰি শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবে ভিটামিন আৰু খনিজ পদাৰ্থ অতি প্ৰয়োজনীয়। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰটো ভিটামিন আৰু খনিজ পদাৰ্থৰ মুখ্য ভূমিকা আছে।

3 / 8কিন্তু তেজৰ পৰীক্ষা নকৰালৈকে শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা বুলি গম পোৱা নাযায় । পুষ্টিৰ অভাৱ দূৰ কৰাৰ বাবে সদায় পৰিপূৰক খাদ্যই খোৱাটোৱেই একমাত্ৰ উপায় নহয়।

কিন্তু তেজৰ পৰীক্ষা নকৰালৈকে শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা বুলি গম পোৱা নাযায় । পুষ্টিৰ অভাৱ দূৰ কৰাৰ বাবে সদায় পৰিপূৰক খাদ্যই খোৱাটোৱেই একমাত্ৰ উপায় নহয়।

4 / 8

মহিলাসকলৰ প্ৰায়ে আইৰণৰ অভাৱ হয়। সেইবাবেই ছোৱালীৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা দেখা যায় । এনে অৱস্থাত আইৰণ আৰু ফলিক এচিডযুক্ত খাদ্য খাব লাগে। কুঁহিয়াৰ, বুট, সেউজীয়া শাক-পাচলি, তিল আদি খাব।

5 / 8

যদি চুলি, নখ আৰু ছালৰ সমস্যা, মানসিক ভাগৰ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি সমস্যা বাঢ়ি গৈ থাকে তেন্তে আপুনি বুজিব যে শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হৈছে । এনে অৱস্থাত সাগৰীয় মাছ, কণী, মাছ আৰু মাংস খাব লাগে।

6 / 8

বেছিভাগ মানুহৰে ভিটামিন ডিৰ অভাৱ হয়। এই পুষ্টিকৰ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে। এই পুষ্টিকৰ উপাদানৰ অভাৱৰ পূৰণ কৰিবলৈ প্ৰতিদিনে ১৫ মিনিট ৰ’দৰ সংস্পৰ্শলৈ আহিব লাগে।

7 / 8

বয়সৰ বাঢ়ি যোৱাৰ লগে লগে চকুৰ দৃষ্টিশক্তি কমি যোৱা দেখা যায় ? ভিটামিন এৰ অভাৱেও দৃষ্টিশক্তি হেৰুৱাৰ মূল কাৰণ হ'ব পাৰে । ভিটামিন এৰ অভাৱে ছালৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে কণী, গাখীৰ দৈনিক খাদ্যৰ তালিকাত ৰাখক।

8 / 8

মহিলাৰ লগতে পুৰুষৰ মাজত থাইৰয়ডৰ সমস্যা দেখা যায় । শৰীৰত আয়’ডিনৰ অভাৱত থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতা হয়। এনে ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰী, সাগৰীয় মাছ খাব লাগে।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক