আয়তকৈ ৪০০ গুণ অধিক সম্পত্তি, আইনৰ জৰিয়তে কঠোৰ শাস্তি পাব: নুপূৰ বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী | Not only suspension or dismissal, get severe punishment through law CM Himanta Biswa Sarma on ACS officer Nupur Bora corruption case Assam news - Assam Tv9

আয়তকৈ ৪০০ গুণ অধিক সম্পত্তি, আইনৰ জৰিয়তে কঠোৰ শাস্তি পাব: নুপূৰ বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

Updated On: 

16 Sep 2025 16:46 PM

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, "আয়তকৈ তেওঁৰ সম্পত্তি ৪০০ গুণ বেছি পাইছে। অকল নিলম্বনে, বৰ্খাস্তই নহয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰা হব। লগত দুই এজন মণ্ডল আছে সকলোৰে ওপৰত লোৱা হ'ব ব্যৱস্থা।"

1 / 5ৰাজ্যৰ চৌদিশে এতিয়া চৰ্চাত ACS বিষয়া নূপুৰ বৰা। সোমবাৰে ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ ঘৰত চি এম ভিজিলেঞ্চে অভিযান চলায়। গুৱাহাটী আৰু বৰপেটাৰ বাসগৃহৰ বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ কৰা বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই।

ৰাজ্যৰ চৌদিশে এতিয়া চৰ্চাত ACS বিষয়া নূপুৰ বৰা। সোমবাৰে ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ ঘৰত চি এম ভিজিলেঞ্চে অভিযান চলায়। গুৱাহাটী আৰু বৰপেটাৰ বাসগৃহৰ বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ কৰা বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই।

2 / 5

তাৰ পিছতে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ACS নুপূৰ বৰাক। নিশা পাণ বজাৰ মহিলা থানাত মাৰাথন জেৰাৰ সন্মুখীন হয় নুপূৰ। লাট মণ্ডল সুৰজিৎ ডেকাৰ বৰপেটাৰ ঘৰতো CM ভিজিলেন্সৰ অভিযান। আজি কিছুসময় পূৰ্বে আদালতত হাজিৰ হয় নুপূৰ বৰা আৰু মণ্ডল সুৰজিৎ ডেকা। দুয়োকে ৩ দিনৰ জিম্মাত বিচাৰি আবেদন CMVৰ।

3 / 5

ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, " বৰপেটা সত্ৰৰ এডোখৰ মাটি নূপুৰ বৰাই অবৈধভাৱে আনৰ নামত নামজাৰি কৰিছিল। তেতিয়া আমি নূপুৰ বৰাক বদলি কৰিছিলো। তাৰ পিছত চিএম ভিজিলেন্সক তদন্তৰো নিৰ্দেশ দিছিলো।"

4 / 5

মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা কেইদিনমানৰ পৰা তেঁওক আমি চাই আছিলো। পৰহি নিশা তেওঁ নামছাই ৰিৰ্জট বুলি এখন হোটেলত আছিল। চি এম ভিজিলেঞ্চে তাৰ পৰাই তেওঁক ট্ৰেক কৰি আছিল। আৰু ঘৰ আহি গ্ৰেপ্তাৰ কৰা হ'ল। তালাচি চলোৱাত ৯২ লাখ টকা সোণৰ গহনা লগতে তেওঁৰ দুটা লকাৰো আছে। আজি সেই লকাৰ দুটা চোৱা হ’ব।"

5 / 5

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, "আয়তকৈ তেওঁৰ সম্পত্তি ৪০০ গুণ বেছি পাইছে। অকল নিলম্বনে, বৰ্খাস্তই নহয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰা হব। লগত দুই এজন মণ্ডল আছে সকলোৰে ওপৰত লোৱা হ'ব ব্যৱস্থা।"

বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!
শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?
এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...