অবৈধ বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ দাবীত গুৱাহাটীত নেছ'ৰ ধৰ্মঘট... | North East students’ Union Protest in Guwahati Over illegal Bangladeshi Issue Assam news - Assam Tv9

অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়নৰ দাবীত গুৱাহাটীত নেছ’ৰ অৱস্থান ধৰ্মঘট…

Published: 

18 Aug 2025 17:48 PM

অবৈধ বিদেশী বিতাড়ন আৰু ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত সোমবাৰে দীঘলীপুখুৰী পাৰত নেছ'ৰ অৱস্থান ধৰ্মঘট । অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে ধৰি বহু ছাত্ৰ-ছাত্ৰীয়ে।

1 / 5শ্লোগান একেই, "কা' আমি নামানো", "অসম চুক্তি ৰূপায়ন কৰক"! উত্তৰ-পূবৰ অবৈধ বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰাৰ দাবীত আজি সোমবাৰে দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন, চমুকৈ নেছ'য়ে।

শ্লোগান একেই, "কা' আমি নামানো", "অসম চুক্তি ৰূপায়ন কৰক"! উত্তৰ-পূবৰ অবৈধ বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰাৰ দাবীত আজি সোমবাৰে দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন, চমুকৈ নেছ'য়ে।

2 / 5

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন (নেছ') ৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত দীঘলী পুখুৰী পাৰত এই অৱস্থান ধৰ্মঘট। অবৈধ বাংলাদেশী নাগৰিকৰ বিতাড়নৰ দাবীত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

3 / 5

উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে আদি কৰি সংগঠনৰ কেইবাগৰাকী নেতাই। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে NRC উন্নীতকৰণৰ দাবী উত্থাপন কৰা হয়।

4 / 5

ইয়াৰ লগতে অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। সমান্তৰালভাৱে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কা'ৰ আওতাৰ বাহিৰত ৰখাৰ দাবী জনায়।

5 / 5

এই কাৰ্যসূচীৰ মূল দাবীবোৰৰ ভিতৰত আছিল-অবৈধ বিদেশী চিনাক্ত কৰি বিতাড়ন কৰা,অসম চুক্তি ৰূপায়ন কৰা। লগতে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে।

ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি? তেজৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক এই খাদ্য খাওক
সুদীৰ্ঘ ৩২২১ দিনৰ অন্তত ৰাহুলৰ বেটৰ পৰা আহিল শতক! এই দিশতো গঢ়িলে অভিলেখ
অকাল মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? জনালে প্ৰেমানন্দ মহাৰাজে...
ভুলতো নকৰিব এই কাম! মা লক্ষ্মী হৈ পৰিব অসন্তুষ্ট...