অবৈধ বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ দাবীত গুৱাহাটীত নেছ'ৰ ধৰ্মঘট... | North East students’ Union Protest in Guwahati Over illegal Bangladeshi Issue Assam news - Assam Tv9

অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়নৰ দাবীত গুৱাহাটীত নেছ’ৰ অৱস্থান ধৰ্মঘট…

Published: 

18 Aug 2025 | 05:48 PM

অবৈধ বিদেশী বিতাড়ন আৰু ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত সোমবাৰে দীঘলীপুখুৰী পাৰত নেছ'ৰ অৱস্থান ধৰ্মঘট । অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে ধৰি বহু ছাত্ৰ-ছাত্ৰীয়ে।

1 / 5শ্লোগান একেই, "কা' আমি নামানো", "অসম চুক্তি ৰূপায়ন কৰক"! উত্তৰ-পূবৰ অবৈধ বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰাৰ দাবীত আজি সোমবাৰে দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন, চমুকৈ নেছ'য়ে।

শ্লোগান একেই, "কা' আমি নামানো", "অসম চুক্তি ৰূপায়ন কৰক"! উত্তৰ-পূবৰ অবৈধ বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰাৰ দাবীত আজি সোমবাৰে দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন, চমুকৈ নেছ'য়ে।

2 / 5

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন (নেছ') ৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত দীঘলী পুখুৰী পাৰত এই অৱস্থান ধৰ্মঘট। অবৈধ বাংলাদেশী নাগৰিকৰ বিতাড়নৰ দাবীত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

3 / 5

উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে আদি কৰি সংগঠনৰ কেইবাগৰাকী নেতাই। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে NRC উন্নীতকৰণৰ দাবী উত্থাপন কৰা হয়।

4 / 5

ইয়াৰ লগতে অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। সমান্তৰালভাৱে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কা'ৰ আওতাৰ বাহিৰত ৰখাৰ দাবী জনায়।

5 / 5

এই কাৰ্যসূচীৰ মূল দাবীবোৰৰ ভিতৰত আছিল-অবৈধ বিদেশী চিনাক্ত কৰি বিতাড়ন কৰা,অসম চুক্তি ৰূপায়ন কৰা। লগতে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...