মেঘালয় ভ্ৰমণৰ ক্ষেত্ৰত নতুন নিয়ম! এই কাম নকৰিলে হ'ব পাৰে শাস্তি... | no guide no trek meghalaya new rule for tourist see details Assam news - Assam Tv9

মেঘালয় ভ্ৰমণৰ ক্ষেত্ৰত নতুন নিয়ম! এই কাম নকৰিলে হ’ব পাৰে শাস্তি…

Published: 

01 Jul 2025 16:31 PM

আপুনিও ভ্ৰমণ কৰি ভাল পাই নেকি? যদি আপুনি ভ্ৰমণ কৰি ভাল পাই আৰু মেঘালয় ভ্ৰমণৰ কথা চিন্তা কৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো মেঘালয়ত ভ্ৰমণৰ ক্ষেত্ৰত নতুন নিয়ম ৰূপায়ন কৰা হৈছে।

1 / 5ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। উল্লেখ্য যে, পত্নী সোণম ৰঘুবংশীয়ে চুপাৰি কিলাৰৰ হতুৱাই ৰাজাক হত্যা কৰিছিল। মেঘালয়ত ট্ৰেকিং কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছিল। গতিকে এতিয়া পৰ্যটকৰ সুৰক্ষাৰ বাবে অধিক গুৰুত্ব দিছে ৰাজ্যখনে।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। উল্লেখ্য যে, পত্নী সোণম ৰঘুবংশীয়ে চুপাৰি কিলাৰৰ হতুৱাই ৰাজাক হত্যা কৰিছিল। মেঘালয়ত ট্ৰেকিং কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছিল। গতিকে এতিয়া পৰ্যটকৰ সুৰক্ষাৰ বাবে অধিক গুৰুত্ব দিছে ৰাজ্যখনে।

2 / 5

পৰ্যটকৰ বাবে এক ডাঙৰ খবৰ। মেঘালয় কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰি ৰাজ্যখনৰ পূৱ খাছি পাহাৰ জিলাত ট্ৰেকিং (outdoor activities)ৰ বাবে গাইড ব্যৱহাৰ কৰা বাধ্যতামূলক কৰিছে। পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু দুৰ্গম অঞ্চলত সংঘটিত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে।

3 / 5

ইষ্ট খাছি হিলছৰ উপ আয়ুক্ত ৰ’জেটা এম কুৰ্বাহে এক নিৰ্দেশত কয় যে সুৰক্ষাজনিত কাৰণত এতিয়া সকলো পৰ্যটকে অঞ্চলটোত ট্ৰেকিং আৰু আউটড’ৰ কাৰ্যকলাপৰ বাবে পঞ্জীয়নভুক্ত পৰ্যটক গাইডৰ সেৱা লোৱাটো বাধ্যতামূলক। ই পৰ্যটকৰ বাবে উন্নত সুৰক্ষা নিশ্চিত কৰাই নহয়, বিচ্ছিন্ন অঞ্চলত নিৰুদ্দেশ হোৱা, আঘাতপ্ৰাপ্ত হোৱা, বা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাত সহায়ক হ'ব বুলি তেওঁ কয়।

4 / 5

পৰ্যটন বিষয়াসকলে কয় যে এই আদেশ কঠোৰভাৱে বলবৎ কৰা হ’ব। এই নিয়ম উলংঘাকাৰীসকলে শাস্তিৰ সন্মুখীন হ’ব পাৰে বা ট্ৰেকিং পথত প্ৰৱেশৰ পৰা বঞ্চিত হ’ব পাৰে। জানিব পৰা মতে, মেঘালয় প্ৰশাসনে অধিক প্ৰশিক্ষিত গাইড নিয়োগ কৰাৰ লগতে স্থানীয় জনগোষ্ঠীৰ সহযোগত নিৰ্দেশনাটো ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে।

5 / 5

উল্লেখ্য যে, প্ৰতিবছৰে লাখ লাখ পৰ্যটকে মেঘালয় ভ্ৰমণ কৰে। এই বছৰ প্ৰায় ২০ পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰিছে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী পল লিংডোহে। ইয়াৰোপৰি ৰাজ্যখনত নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব ছেৰিব্লচম ফেষ্টিভেল। এই সময়চোৱাত আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...