মেঘালয়ত নিষিদ্ধ অসমৰ টেক্সি! বিপদত পৰি মেঘালয়ৰ বাহনো অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ | No entry of Meghalaya vehicles in Assam, Assam Taxi Association stage protest Assam news - Assam Tv9

মেঘালয়ত নিষিদ্ধ অসমৰ টেক্সি! বিপদত পৰি মেঘালয়ৰ বাহনো অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ

Published: 

18 Sep 2025 11:53 AM

যোৰাবাটত অসম টুৰিষ্ট টেক্সি চালকৰ উত্তাল প্ৰতিবাদ। মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত কৰিছে বাধা প্ৰদান। কিয়নো ১৬ ছেপ্টেম্বৰত মেঘালয়ৰ টেক্সিচালক সন্থাই অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত বাধা আৰোপ কৰিছিল।

1 / 5আজি যোৰাবাটত মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সী সংস্থাৰ। গুৱাহাটীত প্ৰৱেশ কৰিব নিদি আধাৰ পৰাই ঘূৰাই পঠালে মেঘালয়ৰ টেক্সিক।

আজি যোৰাবাটত মেঘালয়ৰ বহু বাহন অসমত প্ৰৱেশত বাধা অসম টুৰিষ্ট টেক্সী সংস্থাৰ। গুৱাহাটীত প্ৰৱেশ কৰিব নিদি আধাৰ পৰাই ঘূৰাই পঠালে মেঘালয়ৰ টেক্সিক।

2 / 5

অসমৰ পৰ্যটকৰ বাহনক মেঘালয়ত বাধা আৰোপক লৈ যোৰাবাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেয়ে আজি অসমৰ চালকেও বাধা দিলে মেঘালয়ৰ বাণিজ্যিক বাহন প্ৰৱেশত। ১৬ ছেপ্টেম্বৰত মেঘালয়ৰ টেক্সি চালক সন্থাই অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত দিছিল বাধা।

3 / 5

এই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই। অসম টেক্সি চালকৰ এটাই কথা, মেঘালয়ৰ টেক্সি চালকৰ অতপালি সহ্য কৰা নহ'ব।

4 / 5

অসম টুৰিষ্ট টেক্সি চালক সন্থাই কয়, 'যেতিয়ালৈকে মেঘালয় চৰকাৰে একো ব্যৱস্থা নলয় তেতিয়ালৈ এই প্ৰতিবাদ চলি যাব। আমাক ৩ বছৰ ধৰি জ্বলা-কলা খোৱাই আহিছে। কেতিয়া কোন চালকে ক'ত মাৰ খাই তাৰ থিক নাই।'

5 / 5

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বহুবাৰ মেঘালয় টেক্সি সন্থাৰ সৈতে সংঘাতত লিপ্ত হ'ব লগা হৈছে। আজি এই প্ৰতিবাদৰ জৰিয়তে অসমৰ টেক্সি চালকসকলে ইয়াৰ স্থায়ী সমাধান বিচাৰিছে। তেওঁলোকে কয়, 'আমি যাব নোৱাৰিলে সিহঁতেও অসমত প্ৰৱেশ কৰিব নোৱাৰিব।'

নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...