বজাৰত বাজাজৰ নতুন ইলেক্ট্ৰিক স্কুটাৰঃ চেটক ২৯০১ৰ বাবে আগ্ৰহী নে আপোনালোক? Assam news - Assam Tv9

বজাৰত বাজাজৰ নতুন ইলেক্ট্ৰিক স্কুটাৰঃ চেটক ২৯০১ৰ বাবে আগ্ৰহী নে আপোনালোক?

Published: 

08 Jun 2024 | 07:02 PM

দেশৰ আগশাৰীৰ দুই চকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান বাজাজ অট’ই বজাৰত প্ৰৱেশ কৰিছে আন এখন বাহনৰ জৰিয়তে। প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে চেটক ইলেক্ট্ৰিক স্কুটাৰ চেটক ২৯০১ৰ নতুন ভেৰিয়েণ্ট। এই নতুন মডেলটো হৈছে চেটকৰ আটাইতকৈ সস্তা ভেৰিয়েন্ট। নতুন চেটক ইলেক্ট্ৰিক স্কুটাৰৰ এক্স শ্ব’ৰুম অনুসৰি মূল্য হ’ব ৯৫,৯৯৮ টকা।

1 / 5বাজাজ চেটক ২৯০১ ইলেক্ট্ৰিক স্কুটাৰ ৪টা নতুন ৰঙত ক্ৰয় কৰিব পাৰিব– হালধীয়া, নীলা, ৰঙা আৰু ক’লা। ইয়াত ৰঙীন এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ইকনমি আৰু স্প’ৰ্টছ ৰাইডিং মোড উপলব্ধ হ’ব।

বাজাজ চেটক ২৯০১ ইলেক্ট্ৰিক স্কুটাৰ ৪টা নতুন ৰঙত ক্ৰয় কৰিব পাৰিব– হালধীয়া, নীলা, ৰঙা আৰু ক’লা। ইয়াত ৰঙীন এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ইকনমি আৰু স্প’ৰ্টছ ৰাইডিং মোড উপলব্ধ হ’ব।

2 / 5

এই ই-স্কুটাৰৰ সৈতে গ্ৰাহকসকলে ব্লুটুথ কানেক্টিভিটি, কল-মিউজিক কণ্ট্ৰ’ল, হিল হোল্ড এচিষ্ট, ৰিভাৰ্ছ মোড লাভ কৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি অতিৰিক্ত ৩০০০ টকা দিব লাগিব।

3 / 5

ইলেক্ট্ৰিক স্কুটাৰখনৰ বেটাৰী পেক হ’ব ঘণ্টাত ২.৮৮কিলোৱাট। তথ্য অনুসৰি, বাহনখনে একক চাৰ্জতে ১২৩ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিব পাৰে। ইয়াৰ শীৰ্ষ গতিবেগ ঘণ্টাত ৬৩ কিলোমিটাৰ আৰু সম্পূৰ্ণ চাৰ্জ হ’বলৈ ৬ ঘণ্টা সময় লাগে।

4 / 5

চেটক আৰ্বান আৰু প্ৰিমিয়াম ভেৰিয়েন্টৰ তুলনাত চেটকৰ নতুন ভেৰিয়েন্টৰ মূল্য ২৭,৩২১ টকা আৰু ৫১,২৪৫ টকা কম হ’ব। ১৫ জুনৰ পৰা বাহনখনৰ বিক্ৰী আৰম্ভ হ’ব।

5 / 5

ভাৰতীয় বজাৰত বাজাজ চেটক ২৯০১ ইলেক্ট্ৰিক স্কুটাৰে ওলা এছ ১ৰ দৰে ই-স্কুটাৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...