Assamese Movie: কেতিয়া মুক্তি পাব 'ৰুদ্ৰ'? ৰবি শৰ্মাৰ নতুন ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে? | New Assamese Movie Rudra poster and song released in Guwahati Shradhanjali kanan Assam news - Assam Tv9

Assamese Movie: কেতিয়া মুক্তি পাব ‘ৰুদ্ৰ’? ৰবি শৰ্মাৰ নতুন ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?

barasha-misra
Updated On: 

08 Apr 2025 16:32 PM

আহি আছে ৰবি শৰ্মাৰ নতুন অসমীয়া ছবি 'ৰুদ্ৰ'। ৰবি শৰ্মাৰ নতুন ছবিখনৰ শ্বুটিং তিতাবৰকে ধৰি অসমত ভিন্ন স্থানত কৰা হৈছে। ছবিখনৰ বিষয়ে কিছু কথা জানো আহক।

1 / 5শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ নতুন ছবি 'ৰুদ্ৰ'। শুকুৰবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কানতত ছবিখনৰ পোষ্টাৰৰ লগতে এটি গান মুক্তি দিয়া হয় । এই ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে ।

শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ নতুন ছবি 'ৰুদ্ৰ'। শুকুৰবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কানতত ছবিখনৰ পোষ্টাৰৰ লগতে এটি গান মুক্তি দিয়া হয় । এই ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে ।

2 / 5অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই।

অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই।

3 / 5ৰবি শৰ্মাৰ নতুন ছবিখনৰ শ্বুটিং তিতাবৰকে ধৰি অসমত ভিন্ন স্থানত কৰা হৈছে। বিশিষ্ট পৰিচালক ৰূপক গগৈৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইন, নন্দিনী কাশ্যপ, ৰাজীৱ ক্ৰ', অলক নাথ,ৰাজীৱ গোস্বামী, ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, ভাৰ্গৱ কটকীও আছে।

ৰবি শৰ্মাৰ নতুন ছবিখনৰ শ্বুটিং তিতাবৰকে ধৰি অসমত ভিন্ন স্থানত কৰা হৈছে। বিশিষ্ট পৰিচালক ৰূপক গগৈৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইন, নন্দিনী কাশ্যপ, ৰাজীৱ ক্ৰ', অলক নাথ,ৰাজীৱ গোস্বামী, ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, ভাৰ্গৱ কটকীও আছে।

4 / 5

'ৰুদ্ৰ'ৰ সংগীত কৰিছে দিগন্ত ভাৰতীয়ে আৰু জুবিন গাৰ্গ, নীল আকাশ, ভাস্বতী ভাৰতীয়ে কণ্ঠদান কৰিছে। এই ছবিখনৰ প্ৰযোজক অ'পি গাৰদিয়া, অৰবিন্দ গাৰদিয়া গৌতম বেৰিয়া, মনোজ কুমাৰ কেৰিয়া, ৰাজেশ কুমাৰ ম'ৰ, ৰাজ চৌধুৰী, আৰু সুজাতা চৌধুৰী। ইফালে মানস গাংগুলীয়ে দৃশ্যগ্ৰহণ আৰু হেমন্ত শৰ্মা আৰু উপাসনা মহন্ত গগৈয়ে নৃত্য পৰিচালনা কৰিছে। লগতে ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য।

5 / 5

কিছুদিন পূৰ্বে'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেতা ৰবি শৰ্মাৰ সৈতে সংঘটিত হৈছিল অঘটন। বিস্ফোৰণৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হৈ দিছপুৰ GNRC হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক। শ্ৰীৰঘুপতিৰ জনপ্ৰিয়তাৰ পিছত আৰু দুগুন জনপ্ৰিয়তা বাঢ়ি গৈছে ৰবি শৰ্মাৰ। এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে নতুন ছবিখন মুক্তি পোৱাৰলৈ।

বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?