New Assamese movie: আহি আছে নতুন অসমীয়া ছবি 'ভাইমন দা', সংগীত জুবিন গাৰ্গৰ... | new assamese movie bhai monda release on 2025 zubeen garg garima saikia garg assam Assam news - Assam Tv9

New Assamese movie: আহি আছে নতুন অসমীয়া ছবি ‘ভাইমন দা’, সংগীত জুবিন গাৰ্গৰ…

Published: 

08 Oct 2024 11:05 AM

Bhaimon da: আহি আছে নতুন অসমীয়া ছবি ভাইমন দা। "ভাইমন দা" অৰ্থাৎ মুনিন বৰুৱা জীৱনক আধাৰ হিচাপে লৈ এই ছবি নিৰ্মিত। ছবিখনত অসমীয়া চলচ্চিত্ৰ জগতখনৰ বিভিন্ন সময়ত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, প্ৰতিঘাত তথা ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছত অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল তাৰ আঁৰৰ সংঘৰ্ষৰ গাঁথা দেখুওৱা হ'ব।

1 / 5আহি আছে নতুন অসমীয়া ছবি "ভাইমন দা"।  মুনিন বৰুৱা দেৱৰ জীৱনক আধাৰ হিচাপে লৈ "ভাইমন দা" নামৰ অসমীয়া ছবিখন নিৰ্মিত।  গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত কেইবাটাও পোষ্ট কৰিছে।

আহি আছে নতুন অসমীয়া ছবি "ভাইমন দা"। মুনিন বৰুৱা দেৱৰ জীৱনক আধাৰ হিচাপে লৈ "ভাইমন দা" নামৰ অসমীয়া ছবিখন নিৰ্মিত। গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত কেইবাটাও পোষ্ট কৰিছে।

2 / 5

"ভাইমন দা"নামৰ ছবিখনৰ পোষ্টাৰ ইতিমধ্যে মুকলি হৈছে। ছবিখনৰ পৰিচালনা শশাংক সমীৰ আৰু সংগীত জুবিন গাৰ্গৰ। লগতে প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। নতুন- পুৰণি শিল্পী দেখিবলৈ পোৱা যাব এই ছবিখনত।

3 / 5

ছবিখনৰ বীয়েৰ ব্ৰেণ্ডি হুইস্কী শীৰ্ষক গীতটি ৭ অক্টোবৰত মুক্তি লাভ কৰে। ছবি সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে লিখে যে- শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱ( ভাইমন দা)ৰ জীৱনক আধাৰ হিচাবে লৈ নিৰ্মিত এই ছবিখনে বহন কৰিব অসমীয়া চিনেমাৰ কেইবাদশকৰ বৰ্ণিল যাত্ৰা । এই ছবিখনৰ জৰিয়তেই আমি উদযাপন কৰিব বিচাৰিছো ৯০ বছৰীয়া আমাৰ চিনেমাৰ দীৰ্ঘদিনীয়া সফল পৰিক্ৰমা ।

4 / 5

বীয়েৰ ব্ৰেণ্ডি হুইস্কী শীৰ্ষক গীতটিক কণ্ঠদান কৰিছে প্ৰবীণ বৰাই, লেখকঃ মুনিন বৰুৱা আৰু শশাংক সমীৰৰ আৰু সংগীত প্ৰযোজক পৰাণ বৰকাকটী। ইউটিউবত এই গীতটি মুক্তি লাভ কৰিছে।

5 / 5

এই ছবিখন ২০২৫ চনৰ ৭ অক্টোবৰত মুক্তি লাভ কৰিব। ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক সগৌৰৱেৰে উদযাপন কৰাৰ বাবে Zeal Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু হৈ উঠিছে "ভাইমন দা-A Tribute to Assamese Cinema"।

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...