04 Dec 2024 14:55 PM
"ৰাম ভডকা হুইস্কী", "গুৱাহাটী ডায়েৰিজ" ৰ পিছত প্ৰশান্ত শইকীয়াই আকৌ এবাৰ আন এখন চহৰকেন্দ্ৰিক ছবিৰে দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ কাম।
অভিনেত্ৰী অমৃতা গগৈ শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো। পোষ্টটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে আহিবলগীয়া নতুন চিনেমাৰ কথা জনাইছে।
পোষ্টটোত অমৃতা গগৈয়ে লিখিছে, "প্ৰশান্ত শইকীয়াৰ পৰিচালনাৰে নতুন চিনেমা নিয়ন চহৰৰ কাম আজিৰ পৰা আৰম্ভ কৰিছো । খুউব ধুনীয়া কাহিনী এটাৰে আৰম্ভ কৰা নতুন কামটোৰ আজি প্ৰথম দিন।"
অভিনেত্ৰীগৰাকীয়ে আকৌ উল্লেখ কৰিছে, " বহুকেইগৰাকী ন পুৰণি শিল্পীৰ সৈতে একেলগে এইবাৰ নিয়ন চহৰৰ কাহিনী কম আমি আমাৰ কাহিনীবোৰ কেমেৰাৰে পাপু ডেকাই আপোনালোকৰ ওচৰলৈ লৈ যাব।"
উল্লেখ্য যে, Aeembeer Entertainment Pvt Ltdৰ সহযোগিতাত ছবিখন প্ৰযোজনা কৰিছে Lema productions-এ। নীল বৰ্মণৰ চিত্ৰনাট্য আৰু পাপু ডেকাৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত এই ছবিখনত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে মুনমী ফুকন, অমৃতা গগৈ, হিমাংশু প্ৰসাদ, কৌশিক নাথ, কল্লোল কীৰ্তি সিনহা, দুৰ্গাশ্ৰী বৰা আৰু হেমন্ত দেৱনাথে। ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনিল কুমাৰ আৰু সুশান্ত গৌতম দেৱনাথৰ।