'কেচটো নগেন' নেকি? ২০২৫ চনৰ প্ৰথমমাহত পৰিচালক ধনজিৎ দাসে বিচাৰি উলিয়াব নগেনক! | New Assamese film Case to Nagen is coming up Assam news - Assam Tv9

‘কেচটো নগেন’ নেকি? ২০২৫ চনৰ প্ৰথমমাহত পৰিচালক ধনজিৎ দাসে বিচাৰি উলিয়াব নগেনক!

Updated On: 

24 Sep 2024 | 11:29 AM

Assamese Movie: ২০২৫ চনৰ প্ৰথমটো মাহত মুক্তি পাব অসমীয়া ছবি 'কেচটো নগেন'। চিনেমখনৰ পোষ্টাৰ আনুষ্ঠানিকভাবে মুকলি কৰাৰ লগে লগে চৰ্চা আৰম্ভ হৈছে চিনেমাপ্ৰেমীৰ মনত। 'কেচটো নগেন'ত আপুনি "নগেন"ক বিচাৰি হাবাথুৰি খাবলগীয়া হ'ব যেতিয়ালৈকে আপুনি এই ছবিখন উপভোগ নকৰে।

1 / 5আহি আছে নতুন অসমীয়া ছবি 'কেচটো নগেন'।  'নগেন' এতিয়া সাংঘাতিক ভাইৰেল!অসমীয়া সমাজত প্ৰায়ে এই শব্দটো ব্যৱহাৰ কৰা হয়।

আহি আছে নতুন অসমীয়া ছবি 'কেচটো নগেন'। 'নগেন' এতিয়া সাংঘাতিক ভাইৰেল!অসমীয়া সমাজত প্ৰায়ে এই শব্দটো ব্যৱহাৰ কৰা হয়।

2 / 5

চিনেমখনৰ পোষ্টাৰ আনুষ্ঠানিকভাবে মুকলি কৰা হৈছে। 'কেচটো নগেন' আমাৰ সচৰাচৰ মুখত থকা এটা শব্দ। ক'ৰবাত কেতিয়াবা খেলিমেলি দেখিলেই কোৱা দুটা শব্দ হৈছে 'কেচটো নগেন'।

3 / 5

অহা ১৭ জানুৱাৰী, ২০২৫ তাৰিখে মুক্তি লাভ কৰিব এই ছবিখন। সাম্প্ৰতিক সময়ত চলি থকা ইনভেচটমেণ্টৰ ওপৰতেই এই "কেচটো নগেন" শীৰ্ষক ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে। RKZ films ৰ বেনাৰত ধনজিৎ দাসে পৰিচালনা কৰা ছবিখনত আপোনালোকে বহুকেইখন জনপ্ৰিয় আৰু চিনাকী মুখ দেখিবলৈ পাব।

4 / 5

ছবিখনত থাকিব হিমাংশু প্ৰসাদ দাস, অমৃতা গগৈ, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিটু বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদি।

5 / 5

সোমবাৰে গুৱাহাটীস্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত 'কেচটো নগেন'ৰ প'ষ্টাৰ মুকলি কৰে। এগালমান উশাহ ৰখোৱা উৎকণ্ঠা, আৰু চকুপানী বাহিৰ কৰা হাঁহিৰ খোৰাক লৈ জানুৱাৰী মাহত অৰ্থাৎ শিল্পী দিৱসৰ শুভক্ষণত মুক্তি দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...