১৩ হাজাৰ কয়দী পলাতক... কি অৱস্থা হৈছে নেপালৰ সৰ্ববৃহৎ সুন্ধৰা কেন্দ্ৰীয় কাৰাগাৰৰ? | Nepal Biggest Central Jail Sundhara Kathmandu details Assam news - Assam Tv9

১৩ হাজাৰ কয়দী পলাতক… কি অৱস্থা হৈছে নেপালৰ সৰ্ববৃহৎ সুন্ধৰা কেন্দ্ৰীয় কাৰাগাৰৰ?

Published: 

11 Sep 2025 19:08 PM

Nepal Biggest Sundhara Central Jail: নেপালৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশখন সেনাৰ নিয়ন্ত্ৰণত থকাৰ পাছতো বিভিন্ন জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে ১৩ হাজাৰ কয়দী। ইয়াৰ ভিতৰত আছে নেপালৰ আটাইতকৈ ডাঙৰ কাৰাগাৰ বুলি কোৱা সুন্ধৰা কেন্দ্ৰীয় কাৰাগাৰ।

1 / 5কাঠমাণ্ডুৰ সৰ্ববৃহৎ কাৰাগাৰ... নেপালত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে ৭৭ খন জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে ১৩ হাজাৰ কয়দী। সমগ্ৰ দেশতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। নেপালৰ ৭৭খন জিলা। প্ৰতিখন জিলাতে জিলা কাৰাগাৰ আছে যদিও কিছুমান জিলাত অতিৰিক্ত কাৰাগাৰ আছে। ইয়াৰ আটাইতকৈ ডাঙৰ আৰু কেন্দ্ৰীয় কাৰাগাৰখন হৈছে সুন্দৰা কেন্দ্ৰীয় কাৰাগাৰ।

কাঠমাণ্ডুৰ সৰ্ববৃহৎ কাৰাগাৰ... নেপালত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে ৭৭ খন জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে ১৩ হাজাৰ কয়দী। সমগ্ৰ দেশতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। নেপালৰ ৭৭খন জিলা। প্ৰতিখন জিলাতে জিলা কাৰাগাৰ আছে যদিও কিছুমান জিলাত অতিৰিক্ত কাৰাগাৰ আছে। ইয়াৰ আটাইতকৈ ডাঙৰ আৰু কেন্দ্ৰীয় কাৰাগাৰখন হৈছে সুন্দৰা কেন্দ্ৰীয় কাৰাগাৰ।

2 / 5

ৰাণা ৰাজত্বকালত ১৯১৪ চনত নিৰ্মাণ কৰা হৈছিল সুন্ধৰা কেন্দ্ৰীয় কাৰাগাৰ। ইয়াক নেপালৰ আটাইতকৈ পুৰণি আৰু বৃহৎ কাৰাগাৰ বুলি গণ্য কৰা হয়। আন জে'লৰ দৰে ইয়াতো পুৰুষ আৰু মহিলা কয়দীৰ বাবে পৃথক পৃথক ব্লক আছে। ইয়াৰ পৰাও শ শ বন্দী পলায়ন কৰিছে।

3 / 5

সুন্ধৰা কেন্দ্ৰীয় কাৰাগাৰত ১৫০০ কয়দী ৰখাৰ ক্ষমতা আছে। কিন্তু ইয়াত ক্ষমতাতকৈ অধিক কয়দী ৰখা হৈছে। এই কাৰণেই ইয়াক নেপালৰ অতিমাত্ৰা ভিৰ কৰা কাৰাগাৰ বুলিও কোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৫০০ কয়দীৰ ক্ষমতা থকা এই কাৰাগাৰত প্ৰায় ৩৫০০ৰ পৰা ৪০০০ বন্দীক ৰখা হৈছে।

4 / 5

নাবালক কয়দীৰ বাবেও পৃথক ব্যৱস্থা... পুৰুষ আৰু মহিলা ব্লকৰ বাহিৰেও নাবালক আৰু বিশেষ শ্ৰেণীৰ কয়দীৰ বাবেও পৃথক ব্যৱস্থা কৰা হৈছে। সুন্ধৰা অঞ্চলত নিৰ্মিত এই কাৰাগাৰ কাঠমাণ্ডুৰ মাজমজিয়াত। আদালত আৰু চৰকাৰী কাৰ্যালয়ৰ ওচৰত। এই কাৰণেই প্ৰশাসনিক দৃষ্টিকোণৰ পৰা সুবিধাজনক।

5 / 5

নেপালত বিদেশী বন্দীৰ সংখ্যাও কম নহয়। বেছিভাগ বিদেশী বন্দীকে এই কাৰাগাৰতে ৰখা হৈছে। এছিয়াৰ বাহিৰেও আফ্ৰিকা, ইউৰোপকে ধৰি বহু দেশৰ বন্দীয়ে ইয়াত শাস্তি ভুগি আছে। ইয়াত কয়দীসকলৰ পুনৰ্বাসন আৰু শিক্ষাৰ সুবিধা আছে। ইয়াৰ উপৰিও কয়দীসকলক বৃত্তিমূলক প্ৰশিক্ষণো দিয়া হয়। চিলাই, বোৱা, কাঠমিস্ত্ৰী আদি বহু কামৰ প্ৰশিক্ষণ দিয়া হয়।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...