উত্তৰ-পূবত হ্ৰাস পাব বৰষুণৰ মাত্ৰা | NE states to face low rainfalls during monsoon IMD predicts Assam news - Assam Tv9

উত্তৰ-পূবত হ্ৰাস পাব বৰষুণৰ পৰিমাণ, ভাৰতৰ ক’ত ক’ত হ’ব অধিক বৰষুণ?

Published: 

17 Apr 2025 15:45 PM

উত্তৰ-পূবৰ লগতে উত্তৰ-পশ্চিম আৰু ভাৰতৰ দক্ষিণ উপদ্বীপৰ কিছু অংশত স্বাভাৱিকতকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

1 / 7ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ২০২৫ চনৰ দক্ষিণ-পশ্চিম মৌচুমীৰ দীৰ্ঘম্যাদী পূৰ্বাভাস প্ৰকাশ কৰি দেশৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ অধিক ঋতুভিত্তিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । কিন্তু উত্তৰ-পূবৰ লগতে উত্তৰ-পশ্চিম আৰু ভাৰতৰ দক্ষিণ উপদ্বীপৰ কিছু অংশত স্বাভাৱিকতকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ২০২৫ চনৰ দক্ষিণ-পশ্চিম মৌচুমীৰ দীৰ্ঘম্যাদী পূৰ্বাভাস প্ৰকাশ কৰি দেশৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ অধিক ঋতুভিত্তিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । কিন্তু উত্তৰ-পূবৰ লগতে উত্তৰ-পশ্চিম আৰু ভাৰতৰ দক্ষিণ উপদ্বীপৰ কিছু অংশত স্বাভাৱিকতকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

2 / 7

বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতিত কয়, “স্থানীয় বিতৰণৰ পৰা অনুমান কৰিব পাৰি যে উত্তৰ-পশ্চিম ভাৰত, উত্তৰ-পূব ভাৰত আৰু ভাৰত দক্ষিণ উপদ্বীপৰ ওপৰৰ কিছুমান অঞ্চলৰ বাহিৰে দেশৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ অধিক ঋতুভিত্তিক বৰষুণৰ সম্ভাৱনা অতি বেছি । উল্লিখিত অঞ্চলত স্বাভাৱিকতকৈ কম বৰষুণৰ সম্ভাৱনা আছে ।”

3 / 7

৩. বিশেষকৈ অসমত বৰষুণৰ আঞ্চলিক ভাৰসাম্যহীনতাক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই পূৰ্বাভাস প্ৰকাশ কৰিছে । মাৰ্চ মাহৰ আইএমডিৰ তথ্যই ৰাজ্যজুৰি বৰষুণৰ বিতৰণৰ ক্ষেত্ৰত এক তীব্ৰ বৈপৰীত্য প্ৰকাশ কৰিছে । পূব অসমৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ বিপৰীতে পশ্চিম আৰু নামনি অসমৰ বহু অংশ তীব্ৰ বৰষুণৰ অভাৱ দেখা গৈছে ।

4 / 7

৪. উদাহৰণস্বৰূপে ধেমাজিত মাৰ্চ মাহত ১৮৭.২ মিলিমিটাৰ বৰষুণ হৈছিল, যিটো সাধাৰণ গড় ৯৩.৫ মিলিমিটাৰৰ দুগুণ । যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰাও একেধৰণৰ অতিমাত্ৰা হোৱাৰ খবৰ পোৱা গৈছে ।

5 / 7

৫. ইয়াৰ বিপৰীতে গোৱালপাৰাত মাত্ৰ ২.৭ মিলিমিটাৰ বৰষুণ হৈছে । স্বাভাৱিক গড় ৪৯.৫ মিলিমিটাৰ বৰষুণৰ বিপৰীতে ৯৫% হ্ৰাস দেখা গৈছে । নগাঁৱতো ৯০% হ্ৰাস দেখা গৈছে বৰষুণৰ পৰিমাণ ।

6 / 7

৬. বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা আন জিলাসমূহৰ ভিতৰত বৰপেটা (–৫৬%), বাকছা (–৬৩%), কাছাৰ (–৮০%) আৰু দৰং (–৮৮%) অন্যতম । গুৱাহাটীকে ধৰি কামৰূপ মেট্ৰ’ত ৭৪% বৰষুণৰ অভাৱ দেখা গৈছে, মাৰ্চ মাহত মাত্ৰ ১৮.২ মিলিমিটাৰ বৰষুণহে হৈছিল ।

7 / 7

উল্লেখযোগ্য যে যোৱা ১৬ মাৰ্চত মহানগৰীৰ উষ্ণতা ৩৫.৪ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল । আগলৈ চাই আইএমডিয়ে এপ্ৰিল–জুনৰ সময়ছোৱাত সাধাৰণতকৈ অধিক উষ্ণতাৰ সতৰ্কবাণীও দিছে, মধ্য আৰু পূব ভাৰত আৰু উত্তৰ-পশ্চিম সমভূমিৰ কিছু অংশত গ্ৰীষ্ম প্ৰবাহৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

Related Stories
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক