নগাঁও ঢাকাপট্টিৰ নাম সলনি, এতিয়াৰ পৰা জনা যাব 'ৰূপকোঁৱৰ চ'ক' নামেৰে... | Nagaon dhakkapattis new name rupkonwar chowk announce by DC nagaon assam Assam news - Assam Tv9

নগাঁও ঢাকাপট্টিৰ নাম সলনি, এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে…

Published: 

12 Aug 2025 | 01:42 PM

নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি। এতিয়াৰ পৰা এই অঞ্চলখিনিক ৰূপকোঁৱৰ চ'ক হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।

1 / 5নগাঁৱৰ ঢাকাপট্টিৰ নাম সলনি। এই সন্দৰ্ভত মঙলবাৰে জিলা আযুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত জিলায়ুক্তৰ।

নগাঁৱৰ ঢাকাপট্টিৰ নাম সলনি। এই সন্দৰ্ভত মঙলবাৰে জিলা আযুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত জিলায়ুক্তৰ।

2 / 5

নগাঁৱৰ ঢাকাপট্টিৰ নতুন নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে নামকৰণ। ঢাকাপট্টিৰ প্ৰৱেশ পথ অৰ্থাৎ আৰ ডি এণ্ড চঞ্চ চাৰিআলিৰ পৰা ছায়াৰ ষ্ট'ৰ চাৰিআলিলৈকে 'ৰূপকোঁৱৰ চ'ক' নামেৰে নামাকৰণ।

3 / 5

আৰ ডি এণ্ড চঞ্চ চাৰিআলিত আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আৱক্ষ মূৰ্তি। ইয়াৰোপৰি ছায়াৰ ষ্ট'ৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈকে বৰবজাৰ নামেৰে জনা যাব।

4 / 5

উল্লেখ্য যে, ঢাকাপট্টিৰ নাম সলনি কৰাৰ বাবে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল। তাৰ পাছতে বিধায়ক ৰূপক শৰ্মাৰ চিন্তাৰে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি ঘোষণা কৰিলে নতুন নাম। এই সন্দৰ্ভত ৰাইজৰ পৰাও গ্ৰহণ কৰিছে পৰামৰ্শ।

5 / 5

নগাঁও চহৰৰ মাজমজিয়াত থকা ঢাকাপট্টিক আজিৰ পৰা ৰূপকোঁৱৰ চক হিচাপে জনা যাব। চৰকাৰ তথা প্ৰশাসনৰ এই সিদ্ধান্তক আদৰণি জনাইছে নগাঁৱবাসীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...