সোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল নাগা চৈতন্য! চাওক বিয়াৰ ভাইৰেল ফটো... | Naga Chaitanya Sobhita Dhulipala Tied Knot Wedding First Photo Viral Assam news - Assam Tv9

সোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল নাগা চৈতন্য! চাওক বিয়াৰ ভাইৰেল ফটো…

Updated On: 

04 Dec 2024 22:58 PM

বিবাহপাশত আৱদ্ধ হ'ল অভিনেত্ৰী সোভিতা ধূলিপালা আৰু অভিনেতা নাগা চৈতন্য । চৈতন্য আৰু সোভিতাই হায়দৰাবাদৰ অন্নপূৰ্ণা ষ্টুডিঅ'ত বিবাহ অনুষ্ঠানত সম্পন্ন হয়। দম্পতীৰ বিয়াত পৰিয়ালৰ সদস্য, চলচ্চিত্ৰ জগতৰ গণ্য-মান্য ব্যক্তি, ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকল উপস্থিত আছিল। বিয়াখনৰ ফটো পোহৰলৈ অহাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

1 / 5বিবাহপাশত আৱদ্ধ হৈছে অভিনেত্ৰী সোভিতা ধূলিপালা আৰু অভিনেতা নাগা চৈতন্য।  বিবাহ সম্পন্ন হোৱাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটো। নাগা চৈতন্য চুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ।

বিবাহপাশত আৱদ্ধ হৈছে অভিনেত্ৰী সোভিতা ধূলিপালা আৰু অভিনেতা নাগা চৈতন্য। বিবাহ সম্পন্ন হোৱাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটো। নাগা চৈতন্য চুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ।

2 / 5

ফটোত দম্পতী সোভিতা-নাগাক ৰীতি-নীতি পালন কৰি থকা দেখা গৈছে। ফটোত সোভিতাই সোণালী ৰঙৰ শাড়ীৰ সৈতে পৰম্পৰাগত গহনা পিন্ধিছে। একেদৰে পৰম্পৰাগত পোছাকত নাগাকো ৰাজকুমাৰ যেন লাগিছে।

3 / 5

দম্পতীহালে কেইদিনমান আগতে বাগদান সম্পন্ন কৰিছিল। চৈতন্য আৰু সোভিতাই হায়দৰাবাদৰ অন্নপূৰ্ণা ষ্টুডিঅ'ত এক বিশাল অনুষ্ঠানৰ মাজেৰে বিবাহ পাশত আৱদ্ধ হৈছে। দম্পতীৰ বিয়াত পৰিয়ালৰ সদস্য, চলচ্চিত্ৰ জগতৰ গণ্য-মান্য ব্যক্তি, ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকল উপস্থিত আছিল।

4 / 5

চৈতন্য আগতে চিটাডেল: হানি বানি আৰু ফেমিলি মেন খ্যাত অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োজনে ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০১২ চনত তেওঁলোকৰ চতুৰ্থ বাৰ্ষিকীৰ পূৰ্বে নাগা আৰু সামান্থাই তেওঁলোকৰ নিজ নিজ ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁলোকৰ পৃথকীকৰণ কথা জনাইছিল।

5 / 5

অভিনেতাজনে হিন্দু ৰীতি-নীতি অনুসৰি তেওঁৰ বিবাহৰ সময়ত অফ-হোৱাইট ধুতি আৰু কুৰ্তা পৰিধান কৰিছে। ইফালে সোভিতাক সোণালী কাঞ্জীভাৰাম শাড়ীৰ সৈতে পৰী যেন লাগিছে। দুয়োৰে বিবাহৰ ফটোত অনুৰাগীসকলে বিভিন্ন মন্তব্য প্ৰদান কৰা দেখা গৈছে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…