মৰ্মান্তিক! গৈছিল জাবৰ চাফা কৰিব,অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু... | Mother And Son Dead Case Investigation Going on Rangia See Details In Assamese Assam news - Assam Tv9

মৰ্মান্তিক! গৈছিল জাবৰ চাফা কৰিব,অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু…

Published: 

29 Jan 2026 | 03:59 PM

এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। মাতৃ-পুত্ৰই অগ্নিদগ্ধ হৈ সাৱতি লয় মৃত্যুক। ৰঙিয়াত সংঘটিত হৈছে এই ঘটনা। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত।

1 / 5ৰঙিয়াৰ পৰা পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। অতি কৰুণভাৱে মৃত্যুক সাৱতি ল'লে মাতৃ-পুত্ৰই। জানিব পৰা মতে পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিব গৈ প্ৰাণ হেৰুৱাই মাতৃয়ে। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ৰঙিয়াৰ পৰা পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। অতি কৰুণভাৱে মৃত্যুক সাৱতি ল'লে মাতৃ-পুত্ৰই। জানিব পৰা মতে পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিব গৈ প্ৰাণ হেৰুৱাই মাতৃয়ে। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

2 / 5

মৃত দুজন ৰিতামণি চৌধুৰী আৰু পুত্ৰ মোজাক্কিৰ চৌধুৰী বুলি চিনাক্ত হৈছে। অগ্নিদগ্ধ হৈ দুই মাতৃ-পুত্ৰই মৃত্যুক সাৱতি লয়। ৰঙিয়াৰ কানিকুছিত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

3 / 5

আজি (২৯ জানুৱাৰী) দিনৰ ভাগত সংঘটিত হয় এই ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি,ঘৰৰ পাছফালৰ জাবৰ পুৰিবলৈ পেট্ৰ'ল ঢালি জ্বলাই দিছিল পুত্ৰ মোজাক্কিৰে। তাৰ পাছতে জাবৰৰ পৰা জুই আহি পুত্ৰৰ গাত লাগে। এই দৃশ্য দেখা পাই মাতৃয়ে লগে লগে সেই স্থানত উপস্থিত হয়।

4 / 5

মাতৃয়ে অগ্নিদগ্ধ পুত্ৰক ৰক্ষা কৰাৰ চেষ্টা কৰে যদিও ৰক্ষা কৰিব নোৱাৰিলে। অগ্নিদগ্ধ হোৱাৰ ফলত মাতৃ-পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে দুয়োকে GMCHত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় মাতৃ-পুত্ৰৰ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

5 / 5

ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল মোজাক্কিৰ চৌধুৰী। স্থানীয় ৰাইজৰ মতে পৰিয়ালটোত আন এটি পুত্ৰ সন্তান আৰু পিতৃ আছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বিভিন্নজনে। অৱশ্যে এয়া অঘটন নে আন কোনো সেই সকলো আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

স্বামীক সাৱটি ধৰি শুলে জীৱনত আহিব আচৰিত প্ৰভাৱ!
যৌন জীৱনত স্বামীয়ে সুখী কৰিব পৰা নাই নেকি? নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাবলৈ দিয়ক এইবোৰ সামগ্ৰী...
শীতৰ বজাৰত উভৈনদী কমলাৰ উপকাৰী গুণো অসীম, জানিলে আচৰিত হ’ব আপুনি
ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ