কেবিনেট মন্ত্ৰীৰ দায়িত্বত ভাৰতৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিন, এই চাৰি ক্ৰিকেটাৰেও পূৰ্বে পাইছিল দায়িত্ব | Mohammad Azharuddin Becomes Telangana Minister, Know about Indian Cricketers Who Became Ministers Assam news - Assam Tv9

কেবিনেট মন্ত্ৰীৰ দায়িত্বত ভাৰতৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিন, এই চাৰি ক্ৰিকেটাৰেও পূৰ্বে পাইছিল দায়িত্ব

Published: 

01 Nov 2025 07:18 AM

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে শুকুৰবাৰে তেলেংগানা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ পূৰ্বে ভাৰতৰ আন চাৰিগৰাকী ক্ৰিকেটাৰেও পাইছিল এনে দায়িত্ব। জানো আহক এই বিষয়ে।

1 / 5ভাৰতীয় ক্ৰিকেট প্ৰাক্তন অধিনায়ক তথা কংগ্ৰেছ নেতা মহম্মদ আজহাৰউদ্দিনে তেলেংগানা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে নতুন দায়িত্ব পালনৰ বাবে সাজু হৈছে। ৩১ অক্টোবৰত ৰাজভৱনত ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাই তেওঁক শপত গ্ৰহণ কৰায়। বৰ্তমানৰ তেলেংগানা চৰকাৰত একমাত্ৰ মুছলিম সদস্য মহম্মদ আজহাৰউদ্দিনে ২০০৯ চনত কংগ্ৰেছ দলত যোগদান কৰি মোৰাদাবাদ সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। মন্ত্ৰী হিচাপে দায়িত লাভ কৰা আজহাৰউদ্দিনেই দেশৰ প্ৰথমজন ক্ৰিকেটাৰ নহয়; ইয়াৰ পূৰ্বে কেইবাজনো ক্ৰিকেটাৰে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ভাৰতীয় ক্ৰিকেট প্ৰাক্তন অধিনায়ক তথা কংগ্ৰেছ নেতা মহম্মদ আজহাৰউদ্দিনে তেলেংগানা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে নতুন দায়িত্ব পালনৰ বাবে সাজু হৈছে। ৩১ অক্টোবৰত ৰাজভৱনত ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাই তেওঁক শপত গ্ৰহণ কৰায়। বৰ্তমানৰ তেলেংগানা চৰকাৰত একমাত্ৰ মুছলিম সদস্য মহম্মদ আজহাৰউদ্দিনে ২০০৯ চনত কংগ্ৰেছ দলত যোগদান কৰি মোৰাদাবাদ সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। মন্ত্ৰী হিচাপে দায়িত লাভ কৰা আজহাৰউদ্দিনেই দেশৰ প্ৰথমজন ক্ৰিকেটাৰ নহয়; ইয়াৰ পূৰ্বে কেইবাজনো ক্ৰিকেটাৰে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

2 / 5

ভাৰতীয় দলৰ প্রাক্তন অপেনাৰ নৱজোৎ সিং সিদ্ধু ২০১৭ চনত পঞ্জাৱৰ পূর্ব অমৃতসৰ সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈছিল৷ তাৰ পাছত পঞ্জাৱৰ অমৰিন্দৰ সিং চৰকাৰৰ পৰ্যটন আৰু স্থানীয় সংস্থা মন্ত্রী হিচাপে নিযুক্তি লাভ কৰিছিল৷ অৱশ্যে ২০১৯ চনত তেওঁৰ পৰা মন্ত্ৰী পদ প্ৰত্যাহাৰ কৰা হয়।

3 / 5

ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ মনোজ তিৱাৰীয়ে ২০২১ চনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তিৱাৰীক মমতা বেনাৰ্জী চৰকাৰত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

4 / 5

প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান দুবাৰৰ বিজেপি সাংসদ আৰু এসময়ত আমৰোহা জিলাৰ নৌগানৱা বিধান সভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০১৭ চনত উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত চৌহানক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। বিগত ২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ মৃত্যু হয়।

5 / 5

ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা অলৰাউণ্ডাৰ লক্ষ্মী ৰতন শুক্লাই ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ২০১৬ চনৰ বংগ বিধানসভাৰ নিৰ্বাচনত তেওঁ উত্তৰ হাওৰাৰ আসনত জয়লাভ কৰিছিল। মমতা বেনাৰ্জী দ্বিতীয়বাৰৰ বাবে বংগৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত শুক্লাক যুৱ সেৱা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

শীতকালত ছালৰ যতন কেনেকৈ ল'ব? জানক সহজ উপায়
দাঁত বিষে অশান্তি কৰিছে নেকি? দাঁতৰ বিষ দূৰ কৰাৰ সহজ ঘৰুৱা উপায়
আপুনি কিনিব বিচৰা আপেলটো আচল নে নকল? এই সহজ উপায়েৰে জানক...
ৰাতিপুৱা খালী পেটত গৰম পানী খালে কি হয়? ইয়াৰ উপকাৰিতা জানক