অতি ভয়ংকৰ! ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে নেকি? জানক কি কি হ'ব পাৰে... | Mobile phone charging overnight avoid this mistake see details in assamese Assam news - Assam Tv9

অতি ভয়ংকৰ! ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে নেকি? জানক কি কি হ’ব পাৰে…

Published: 

30 Oct 2025 | 11:22 AM

Phone Charging Tips: বহু মানুহে নিশা শুৱাৰ পূৰ্বে ফোন চাৰ্জত লগাই থৈ দিয়ে। যদি আপুনিও এনে কৰে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ই ভাল অভ্যাস নহয়। ই ডাঙৰ ক্ষতি কৰিব পাৰে।

1 / 5কিছুমান মানুহে ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে। এনেকৈ থলে ফোনৰ বেটাৰীয়ে অহৰহ বিদ্যুত লৈ থাকে। ইয়াৰ ফলত বেটাৰী আৰু চাৰ্জাৰৰ উষ্ণতা বৃদ্ধি পায়। যদি ফোন বিচনা বা গাৰুৰ তলত ৰাখে তেন্তে অত্যধিক গৰম হোৱাৰ আশংকা বৃদ্ধি পায়। কিছুমান ক্ষেত্ৰত ফোন বিস্ফোৰণ বা জুই লাগিব পাৰে। (Image-Freepik)

কিছুমান মানুহে ওৰে নিশা ফোন চাৰ্জত থৈ দিয়ে। এনেকৈ থলে ফোনৰ বেটাৰীয়ে অহৰহ বিদ্যুত লৈ থাকে। ইয়াৰ ফলত বেটাৰী আৰু চাৰ্জাৰৰ উষ্ণতা বৃদ্ধি পায়। যদি ফোন বিচনা বা গাৰুৰ তলত ৰাখে তেন্তে অত্যধিক গৰম হোৱাৰ আশংকা বৃদ্ধি পায়। কিছুমান ক্ষেত্ৰত ফোন বিস্ফোৰণ বা জুই লাগিব পাৰে। (Image-Freepik)

2 / 5

আজিৰ স্মাৰ্টফোনত লিথিয়াম-আয়ন বেটাৰী থাকে, যাৰ চাৰ্জ চাইকেল সীমিত হয়। যেতিয়া ফোন ১০০ শতাংশ চাৰ্জ হোৱাৰ পাছতো চাৰ্জিঙত লাগি থাকে তেতিয়া বেটাৰীটোৱে অবিৰতভাৱে মাইক্ৰ চাৰ্জ চাইকেল পাৰ হৈ যায়। ই বেটাৰীৰ ক্ষমতা হ্ৰাস কৰে। যাৰ বাবে কেইমাহ মানৰ পাছতে বেকআপ সময় কম হয়।(Image-Freepik)

3 / 5

ডিভাইচটো যদি বেছি সময়ৰ বাবে চাৰ্জত থাকে তেন্তে ফোনটোৰ চাৰ্জিং চাৰ্কিটকী আৰু প্ৰচেছৰ সক্ৰিয় হৈ থাকে। ই চিষ্টেমত অতিৰিক্ত লোড দিয়ে। ইয়াৰ ফলত ফোনটো গৰম হৈ পৰে আৰু বিভিন্ন সমস্যা হব পাৰে। এই সমস্যাবোৰৰ ভিতৰত লেগিং বা এপ লোডিং লেহেমীয়া আদি।(Image-Freepik)

4 / 5

বহু মানুহে ফোনৰ চাৰ্জাৰৰ সলনি অন্য সস্তীয়া চাৰ্জাৰ ব্যৱহাৰ কৰে। এনে চাৰ্জাৰৰ ভল্টেজ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা বেয়া হয়। যাৰ বাবে শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনা থাকে। গতিকে অৰ্জিনেল বা চাৰ্টিফাইড চাৰ্জাৰ ব্যৱহাৰ কৰিব লাগে। (Image-Freepik)

5 / 5

যদি আপুনি নিশা ফোন চাৰ্জ কৰিব বিচাৰে তেন্তে টাইমাৰ চাৰ্জিং বা স্মাৰ্ট প্লাগ ব্যৱহাৰ কৰিব পাৰে। ই বেটাৰী সম্পূৰ্ণ চাৰ্জ হলে নিজেই পাৱাৰ বন্ধ কৰি দিয়ে। ইয়াৰোপৰি চাৰ্জিঙৰ সময়ত ফোন বিচনাত ৰাখিব নালাগে। লগতে প্ৰয়োজনতহে ফাষ্ট চাৰ্জিঙৰ ব্যৱহাৰ কৰিব লাগে। (Image-Freepik)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...