মণিপুৰৰ ৭ জিলাত মোবাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ৩ দিনলৈ বৃদ্ধি... | Mobile internet suspension extended in Manipur for three more days Assam news - Assam Tv9

Manipur : মণিপুৰৰ ৭ জিলাত মোবাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ৩ দিনলৈ বৃদ্ধি…

Published: 

20 Nov 2024 | 05:18 PM

মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

1 / 5শেহতীয়া পৰিস্থিতিক লৈ মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

শেহতীয়া পৰিস্থিতিক লৈ মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

2 / 5

ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাৰ মাজতে প্ৰশাসনে ১৬ নৱেম্বৰত দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল যাতে কোনো দুষ্কৃতিকাৰীয়ে আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি কৰিব পৰা কোনো কথা বতৰা বা উৰাবাতৰি বিয়পাই নিদিয়ে। ইয়াৰ পাছতে যোৱা সোমবাৰে আৰু দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি কৰা হৈছিল ।

3 / 5

নিৰ্দেশনাত কোৱা হৈছে যে, 'ৰাজ্য চৰকাৰে প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত মণিপুৰৰ ইম্ফল পশ্চিম, ইম্ফল ইষ্ট, কাকচিং, বিষ্ণুপুৰ, থৌবাল, চুৰাচান্দপুৰ আৰু কাংপকপিত মোবাইল ইণ্টাৰনেট সেৱা আৰু তিনিদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।'

4 / 5

১৬ নৱেম্বৰত প্ৰশাসনে ব্ৰডবেণ্ড আৰু মোবাইল ইণ্টাৰনেট সেৱা দুয়োটাই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰশাসনে ।

5 / 5

অৱশ্যে সাধাৰণ লোক, স্বাস্থ্যসেৱা, শিক্ষানুষ্ঠান আৰু অন্যান্য কাৰ্যালয়ৰ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ব্ৰডবেণ্ড সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।

নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি