মণিপুৰৰ ৭ জিলাত মোবাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ৩ দিনলৈ বৃদ্ধি... | Mobile internet suspension extended in Manipur for three more days Assam news - Assam Tv9

Manipur : মণিপুৰৰ ৭ জিলাত মোবাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ৩ দিনলৈ বৃদ্ধি…

Published: 

20 Nov 2024 | 05:18 PM

মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

1 / 5শেহতীয়া পৰিস্থিতিক লৈ মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

শেহতীয়া পৰিস্থিতিক লৈ মণিপুৰ চৰকাৰে বুধবাৰে ৭ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে ।

2 / 5

ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাৰ মাজতে প্ৰশাসনে ১৬ নৱেম্বৰত দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল যাতে কোনো দুষ্কৃতিকাৰীয়ে আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি কৰিব পৰা কোনো কথা বতৰা বা উৰাবাতৰি বিয়পাই নিদিয়ে। ইয়াৰ পাছতে যোৱা সোমবাৰে আৰু দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি কৰা হৈছিল ।

3 / 5

নিৰ্দেশনাত কোৱা হৈছে যে, 'ৰাজ্য চৰকাৰে প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত মণিপুৰৰ ইম্ফল পশ্চিম, ইম্ফল ইষ্ট, কাকচিং, বিষ্ণুপুৰ, থৌবাল, চুৰাচান্দপুৰ আৰু কাংপকপিত মোবাইল ইণ্টাৰনেট সেৱা আৰু তিনিদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।'

4 / 5

১৬ নৱেম্বৰত প্ৰশাসনে ব্ৰডবেণ্ড আৰু মোবাইল ইণ্টাৰনেট সেৱা দুয়োটাই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰশাসনে ।

5 / 5

অৱশ্যে সাধাৰণ লোক, স্বাস্থ্যসেৱা, শিক্ষানুষ্ঠান আৰু অন্যান্য কাৰ্যালয়ৰ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ব্ৰডবেণ্ড সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...