ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ | minister pabitra margherita indonesia tour to attend the oath taking ceremony of indonesias president Assam news - Assam Tv9

ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ

Updated On: 

20 Oct 2024 | 05:22 PM

১৯ আৰু ২০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ কৰে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । ২০ অক্টোবৰত জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী।

1 / 5দুদিনীয়া কাৰ্যসূচীৰে ১৯ অক্টোবৰত ইণ্ডোনেছিয়াত উপস্থিত হয়  কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।   ২০ অক্টোবৰত ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান অংশ লয় পবিত্ৰ মাৰ্ঘেৰিটাই।

দুদিনীয়া কাৰ্যসূচীৰে ১৯ অক্টোবৰত ইণ্ডোনেছিয়াত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ২০ অক্টোবৰত ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান অংশ লয় পবিত্ৰ মাৰ্ঘেৰিটাই।

2 / 5

জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী। দুয়োগৰাকী নেতাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে ।

3 / 5

এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াত থকা ভাৰতৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও এক মত-বিনিময় অনুষ্ঠানত অংশ লয় ।

4 / 5

ইণ্ডোনেছিয়া ভাৰতৰ সামগ্ৰিক বিকাশ নীতিৰ এক অংশীদাৰী ৰাষ্ট্ৰ। দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্কক পুনৰবাৰ সুনিশ্চিত কৰিছে।

5 / 5

উল্লেখ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কুটনৈতিক সম্পৰ্কই সম্পূৰ্ণ কৰিছে ৭৫ বছৰ। ইয়াৰ উপৰিও ভাৰতৰ ‘এক্ট ইষ্ট’ পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে। ইণ্ডোনেছিয়া ‘এক্ট ইষ্ট’ পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...