ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ | minister pabitra margherita indonesia tour to attend the oath taking ceremony of indonesias president Assam news - Assam Tv9

ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ

trishna-kalita
Updated On: 

20 Oct 2024 17:22 PM

১৯ আৰু ২০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ কৰে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । ২০ অক্টোবৰত জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী।

1 / 5দুদিনীয়া কাৰ্যসূচীৰে ১৯ অক্টোবৰত ইণ্ডোনেছিয়াত উপস্থিত হয়  কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।   ২০ অক্টোবৰত ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান অংশ লয় পবিত্ৰ মাৰ্ঘেৰিটাই।

দুদিনীয়া কাৰ্যসূচীৰে ১৯ অক্টোবৰত ইণ্ডোনেছিয়াত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ২০ অক্টোবৰত ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান অংশ লয় পবিত্ৰ মাৰ্ঘেৰিটাই।

2 / 5জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী।  দুয়োগৰাকী নেতাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে ।

জাকাৰ্টাস্থিত ইণ্ডোনেছিয়াৰ সংসদ ভৱনত অনুষ্ঠিত দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি গিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী। দুয়োগৰাকী নেতাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে ।

3 / 5

এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াত থকা ভাৰতৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও এক মত-বিনিময় অনুষ্ঠানত অংশ লয় ।

4 / 5

ইণ্ডোনেছিয়া ভাৰতৰ সামগ্ৰিক বিকাশ নীতিৰ এক অংশীদাৰী ৰাষ্ট্ৰ। দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্কক পুনৰবাৰ সুনিশ্চিত কৰিছে।

5 / 5

উল্লেখ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কুটনৈতিক সম্পৰ্কই সম্পূৰ্ণ কৰিছে ৭৫ বছৰ। ইয়াৰ উপৰিও ভাৰতৰ ‘এক্ট ইষ্ট’ পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে। ইণ্ডোনেছিয়া ‘এক্ট ইষ্ট’ পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক