পুনৰ মূল্যবৃদ্ধিঃ এইবাৰ গুৱাহাটীত দাম বাঢ়িল গাখীৰৰ,জানক নতুন মূল্য... | milk price hike guwahati assam Assam news - Assam Tv9

পুনৰ মূল্যবৃদ্ধিঃ এইবাৰ গুৱাহাটীত দাম বাঢ়িল গাখীৰৰ,জানক নতুন মূল্য…

Published: 

29 Aug 2024 | 05:05 PM

পুনৰ মূল্যবৃদ্ধি। এইবাৰ গুৱাহাটী মহানগৰীত গাখীৰৰ মূল্য বৃদ্ধি। পূৰ্বতকৈ বেছি দামত জনসাধাৰণতে গাখীৰ ক্ৰয় কৰিব লাগিব। এই কথা অৱগত কৰে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই।

1 / 5মূল্যবৃদ্ধি ৰাজ্যবাসীক জুৰুলা কৰি থকাৰ মাজতে আহিছে আন এক বেয়া খবৰ। পুনৰ গাখীৰৰ দা্ম বাঢ়িল গুৱাহাটী মহানগৰীত। এতিয়াৰ পৰা গাখীৰ খাবলৈ পূৰ্বতকৈ বেছি টকা ভৰিব লাগিব।

মূল্যবৃদ্ধি ৰাজ্যবাসীক জুৰুলা কৰি থকাৰ মাজতে আহিছে আন এক বেয়া খবৰ। পুনৰ গাখীৰৰ দা্ম বাঢ়িল গুৱাহাটী মহানগৰীত। এতিয়াৰ পৰা গাখীৰ খাবলৈ পূৰ্বতকৈ বেছি টকা ভৰিব লাগিব।

2 / 5

১ ছেপ্টেম্বৰৰ পৰা পুনৰ বাঢ়িব গাখীৰৰ মূল্য। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই। প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি হোৱা বুলি জানিব দিয়ে সংস্থাই।

3 / 5

দাম বৃদ্ধিৰ লগে লগে সাধাৰণ ৰাইজে প্ৰতিলিটাৰ গাখীৰ ৬৭ টকাত ক্ৰয় কৰিব লাগিব। বৰ্তমান সংস্থাই ৬১.৪০ টকা পাইকাৰী মূল্যত গাখীৰ বিক্ৰী কৰি আছে। এই পাইকাৰী মূল্যত ৩ টকাকৈ বাঢ়ি হ'বগৈ ৬৪.৪০ টকা।

4 / 5

গতিকে খুচুৰা বিক্ৰীৰ ক্ষেত্ৰতো ৩ টকা বৃদ্ধি হোৱাতো প্ৰায় নিশ্চিত হৈছে। গতিকে খুচুৰা ব্যৱসায়ত গাখীৰৰ মূল্য ১ ছেপ্টেম্বৰৰ পৰা হ'বগৈ ৬৭ টকা। ৰাইজৰ পৰা এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে সংস্থাই।

5 / 5

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা জুন আৰু জুলাই মাহতো গুৱাহাটীত দুগ্ধ উৎপাদক সন্থাই মূল্য বৃদ্ধি কৰিছিল। এই মূল্যবৃদ্ধিয়ে পুনৰ সাধাৰণ জনতাক শলঠেকত পেলাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...