Pobitora Wildlife Sanctuary: পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হৈছে পবিতৰা অভয়াৰণ্য | Migratory birds of different species arrive at Pobitora Wildlife Sanctuary Assam news - Assam Tv9

Pobitora Wildlife Sanctuary: পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হৈছে পবিতৰা অভয়াৰণ্য

barasha-misra
Updated On: 

27 Dec 2024 13:24 PM

অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে পবিতৰা অভয়াৰণ্য। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। শীতকালত এই অভয়াৰণ্যত বহু পৰিভ্ৰমী চৰায়ো দেখিবলৈ পোৱা যায়।

1 / 5 শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা নদী-জলাশয়লৈ আগমন ঘটে পৰিভ্ৰমী চৰাইৰ। যি দৃশ্যই হাত বাউলি মাতে পৰ্যটকক।

শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা নদী-জলাশয়লৈ আগমন ঘটে পৰিভ্ৰমী চৰাইৰ। যি দৃশ্যই হাত বাউলি মাতে পৰ্যটকক।

2 / 5 অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে পবিতৰা অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।

অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে পবিতৰা অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।

3 / 5এই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি পোৱা যায়। আহিন মাহৰ পৰা পবিতৰালৈ সুদুৰ চাইবেৰীয়াৰ অঞ্চলৰ পৰা বহুতো পৰিভ্ৰমী চৰাই আহে।

এই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি পোৱা যায়। আহিন মাহৰ পৰা পবিতৰালৈ সুদুৰ চাইবেৰীয়াৰ অঞ্চলৰ পৰা বহুতো পৰিভ্ৰমী চৰাই আহে।

4 / 5

পবিতৰাৰ পশ্চিম সীমাত থকা দলনি (তামোলীডোবা)-লৈও বহুতো পৰিভ্ৰমী হাঁহ অহা দেখা যায়। লগতে গাহৰি, গঁড়, বনৰীয়া ম'হ আদিও চৰি ফুৰা দেখা যায়। এইবাবেই পবিতৰা অভয়াৰণ্য দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল হৈ পৰিছে।

5 / 5

শীতৰ সময়চোৱাত জলাশয় সমূহলৈ আগমন ঘটে পৰিভ্ৰমী চৰাইৰ। ৩৮৫ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে মুখৰ পবিতৰা অভয়াৰণ্য। দৃষ্টিনন্দন পৰিবেশত আপ্লুত পৰ্যটক।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...