MET Gala 2025: মেট গালাৰ ৰেড কাৰ্পেটত নিক-প্ৰিয়ংকাৰ ৰূপৰ যাদু! বিশেষ ৰূপত দেখা গ'ল শ্বাহৰুখ খান, গৰ্ভৱতী কিয়াৰাক | MET GALA 2025: Priyanka Chopra Nick Jonas Shahrukh khan debut Pregnant Kiara Advani flaunts Baby bump diljit dosanjh look Assam news - Assam Tv9

MET Gala 2025: মেট গালাৰ ৰেড কাৰ্পেটত নিক-প্ৰিয়ংকাৰ ৰূপৰ যাদু! বিশেষ ৰূপত দেখা গ’ল শ্বাহৰুখ খান, গৰ্ভৱতী কিয়াৰাক

Published: 

06 May 2025 12:46 PM

এইবাৰো বলীউডৰ বহু তাৰকাই মেট গালাৰ ৰেড কাৰ্পেটত নিজৰ ৰূপৰ যাদু দেখুৱায়। কিন্তু সকলোৰে মাজত প্ৰিয়ংকা চোপ্ৰাই আকৌ এবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। স্বামী তথা কণ্ঠশিল্লী নিক জ’নাছৰ সৈতেও দেখা গৈছিল অভিনেত্ৰীগৰাকীক।

1 / 5গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই নিজৰ কামৰ লগতে নিজৰ ষ্টাইল আৰু চেহেৰাৰ বাবে সদায় শিৰোনামত থাকে। আকৌ এবাৰ MET Gala 2025 ৰ ৰেড কাৰ্পেটত প্ৰিয়ংকা চোপ্ৰাই নিজৰ ষ্টাইলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই নিজৰ কামৰ লগতে নিজৰ ষ্টাইল আৰু চেহেৰাৰ বাবে সদায় শিৰোনামত থাকে। আকৌ এবাৰ MET Gala 2025 ৰ ৰেড কাৰ্পেটত প্ৰিয়ংকা চোপ্ৰাই নিজৰ ষ্টাইলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

2 / 5

প্ৰিয়ংকা চোপ্ৰাই পঞ্চমবাৰৰ বাবে মেট গালা ২০২৫ত গ্ৰেণ্ড কামবেক কৰাই নহয়,অভিনেত্ৰীগৰাকীক স্বামী তথা কণ্ঠশিল্লী নিক জ’নাছৰ সৈতে ৰেড কাৰ্পেটত দেখা যায়। য'ত এই দম্পতীৰ বহু সুন্দৰ মুহূৰ্ত কেমেৰাত বন্দী হৈছিল।

3 / 5

ইফালে মেট গালা ২০২৫ত গ্ৰেণ্ড ডেবিউ কৰিছিল বলীউডৰ কিং শ্বাহৰুখ খানে।য'ত তেওঁক সম্পূৰ্ণ গেংষ্টা ভাইবত দেখা গৈছিল। ডিজাইনাৰ সব্যাসচীৰ সাজত শ্বাহৰুখ খানক বৰ ভাল লাগিছিল।

4 / 5

মাতৃ হ’বলৈ গৈ আছে বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী। ইয়াৰ মাজতে মেট গালা ২০২৫ত প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীৰ পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মেট গালাত অভিষেক ঘটোৱাৰ সময়ত ‘টেইলৰড ফৰ ইউ’ থিমৰ আধাৰত সাজ-পোছাক পৰিধান কৰিছিল।

5 / 5

পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জেও মেট গালাত অভিষেক ঘটায়। সকলোৱে তেওঁৰ ৰাজকীয় চেহেৰাৰ প্ৰশংসা কৰিছে। প্ৰকৃততে ইয়াৰ দ্বাৰা তেওঁ পাটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিঙক বিশেষ শ্ৰদ্ধাঞ্জলি জনাইছে।

জীৱন সংগীৰ সন্মুখত এইকেইটা কাম ভুলতেও নকৰিব, গোটেই জীৱন ভুগিব লাগিব আপুনি!
মদ নে চিগাৰেট ! হৃদযন্ত্ৰৰ বাবে কোনটো বেছি বিপদজনক ?
একেলগে খায় নেকি পিঁয়াজ আৰু নহৰু? দেহৰ ভিতৰত ইয়াৰ কি প্ৰভাৱ পৰে, চাওক....
কম বয়সত ধনী হ'বলৈ চাণক্যৰ এই তিনিটা নীতি পালন কৰক...