নম্বৰ মুকলি, এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব অভিযোগ... | medicine complain number release assam see in details assamese Assam news - Assam Tv9

নম্বৰ মুকলি, এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব অভিযোগ…

Published: 

26 Aug 2025 17:29 PM

ৰাজ্যৰ জনতাৰ বাবে ভাল খবৰ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অধীনত যদি আপুনি চিকিৎসকে লিখি দিয়া ঔষধ চৰকাৰী চিকিৎসালয়ত নাপাই তেন্তে অভিযোগ দিব পাৰিব।

1 / 5ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ। কিয়নো এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ'ব। ইয়াৰ লগতে ৰাজ্যৰ ৪৮৭৩ টা আয়ুষ্মান আৰোগ্য মন্দিৰত ৩০ বিধ অত্যাৱশ্যকীয় ঔষধ থাকিব। মন্ত্ৰী অশোক সিংহলে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে।

ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ। কিয়নো এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ'ব। ইয়াৰ লগতে ৰাজ্যৰ ৪৮৭৩ টা আয়ুষ্মান আৰোগ্য মন্দিৰত ৩০ বিধ অত্যাৱশ্যকীয় ঔষধ থাকিব। মন্ত্ৰী অশোক সিংহলে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে।

2 / 5

ইয়াৰ লগতে কয় যে, বহু চিকিৎসকে জেনেৰিক ঔষধৰ সলনি ব্ৰেণ্ডেড ঔষধ লিখি দিয়ে। যাৰ বাবে চৰকাৰী ঔষধৰ ফাৰ্মাচীত সেইবোৰ বিচাৰি নাপায়। এনে ক্ষেত্ৰত ৰোগী তথা পৰিয়াল হাৰাশাস্তিৰ সন্মুখীন হয়। কিন্তু এতিয়াৰ পৰা এই ক্ষেত্ৰত পাব সকাহ।

3 / 5

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰ পৰা চৰকাৰী চিকিৎসালত বিনামূলীয়া ঔষধ নাপালে হোৱাটছএপত অভিযোগ দিব পাৰিব।জনতাই ৯৮৬৪৫৪১৪৩৯ নম্বৰত অভিযোগ দিব পাৰিব স্বাস্থ্য বিভাগত। ইমানেই নহয়, প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত লগোৱা থাকিব লাগিব ঔষধৰ তালিকা।

4 / 5

ইয়াৰোপৰি তেওঁ কয় যে, ৰাজ্যৰ ১০১৮ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থাকিব ১২৫ বিধ অত্যাৱশ্যকীয় ঔষধ। ইয়াৰ লগতে ২২১ খন সামূহিক, ১৭খন মহকুমা স্বাস্থ্য কেন্দ্ৰ আৰু ২২ খন জিলা চিকিৎসালয়ত ২৬১ বিধ ঔষধ থাকিব।

5 / 5

উল্লেখ্য যে, ৰাজ্যৰ জনতাই বহু সময়ত ঔষধৰ বাবে হাৰাশাস্তি খাবলগীয়া হয়। কিয়নো চিকিৎসকে লিখি দিয়া বহু ঔষধ ৰাজ্যৰ একাংশ চিকিৎসালয়ত নাথাকে। কিন্তু এতিয়াৰ পৰা এই সমস্যাৰ সমাধান হ'ব পাৰে বুলি আশা কৰা হৈছে।

কিয় ধূমপান হঠাতে ত্যাগ কৰিব নালাগে? হ'ব পাৰে এইসমূহ সমস্যা!
দাঁতৰ বিষত ভুগিছে নেকি ? এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা তৎক্ষণাত সকাহ পাওক
গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা