মানি লোৱা নহ’ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ! নিশা প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয় | Massive Protest in Gauhati University Opposing ST Status for Six Communities Assam news - Assam Tv9

মানি লোৱা নহ’ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ! নিশা প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়

Updated On: 

29 Nov 2025 | 09:42 AM

আজি বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসঙ্গ উত্থাপন কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। তাৰ প্ৰাক ক্ষণত শুকুৰবাৰে নিশা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদত উত্তাল পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।

1 / 5বিগত কেইবাটাও বছৰ ধৰি ৰাজ্যৰ ৰাজনীতিৰ এক চৰ্চিত বিষয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰত জনজাতিকৰণৰ দাবী তুলি ৰাজ্যত সময়ে সময়ে ব্যাপক প্ৰতিবাদ তথা আন্দোলনৰ সূচনা কৰিছে ৬ জনগোষ্ঠীয়ে।

বিগত কেইবাটাও বছৰ ধৰি ৰাজ্যৰ ৰাজনীতিৰ এক চৰ্চিত বিষয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰত জনজাতিকৰণৰ দাবী তুলি ৰাজ্যত সময়ে সময়ে ব্যাপক প্ৰতিবাদ তথা আন্দোলনৰ সূচনা কৰিছে ৬ জনগোষ্ঠীয়ে।

2 / 5

শেহতীয়া কিছুদিনৰ পৰা এই প্ৰসঙ্গত পুনৰ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি। ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত শেহতীয়াকৈ ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ বিপৰীতে বৰ্তমানৰ জনজাতিসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

3 / 5

এনে বাদ-বিবাদৰ মাজতে আজি বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসঙ্গ উত্থাপন কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। তাৰ প্ৰাক ক্ষণত শুকুৰবাৰে নিশা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদত উত্তাল পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।

4 / 5

এবছু, টি এম পি কে, ৰাভা ছাত্র সন্থাৰ উদ্যোগত কেইবাটাও জনজাতীয় ছাত্ৰ সংগঠনে বিশ্ববিদ্যালয় চৌহদত যোৱা নিশা ব্যাপক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নতুনকৈ এই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দি জন্মগত জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰসকলে।

5 / 5

প্ৰতিবাদী ছাত্ৰ সকলৰ দাবী, ‘জনজাতিকৰণ জন্মগত অধিকাৰ, প্ৰতিবাদ কৰিলেই জনজাতি হৈ নাযায়।’ কোনো কাৰণতে ৬জনগোষ্ঠীৰ জনজাতিকৰণ মানি নোলোৱাৰ হুংকাৰ দি প্ৰতীবাদী ছাত্ৰসকলে লগতে ৬ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিকল্প পদক্ষেপ গ্ৰহণৰ দাবী তোলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...