গোৱালপাৰাত চলিল প্ৰশাসনৰ বুলড’জাৰঃ উচ্ছেদৰ মাজতে চৰম পন্থা গ্ৰহণৰ চেষ্টা এজনৰ | Massive Eviction Drive Conducted Over 1,038 Bighas in Paikan Reserve Forest, Goalpara Assam news - Assam Tv9

গোৱালপাৰাত চলিল প্ৰশাসনৰ বুলড’জাৰঃ উচ্ছেদৰ মাজতে চৰম পন্থা গ্ৰহণৰ চেষ্টা এজনৰ

Published: 

12 Jul 2025 12:23 PM

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত এই উচ্ছেদ চলোৱা হৈছে।

1 / 5ৰাজ্যত বেদখলকৃত ভূমিত পুনৰ চলিত প্ৰশাসনৰ বুলড’জাৰ। শেহতীয়াকৈ ধুবুৰী জিলাত প্ৰশাসনে চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। এই উচ্ছেদক আইন বিৰোধী বুলি দাবী কৰি বিৰোধীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কিন্তু বিৰোধীৰ এই সমালোচনাৰ পিছতো থমকি ৰোৱা নাই প্ৰশাসনৰ হাতোৰা।

ৰাজ্যত বেদখলকৃত ভূমিত পুনৰ চলিত প্ৰশাসনৰ বুলড’জাৰ। শেহতীয়াকৈ ধুবুৰী জিলাত প্ৰশাসনে চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে। এই উচ্ছেদক আইন বিৰোধী বুলি দাবী কৰি বিৰোধীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কিন্তু বিৰোধীৰ এই সমালোচনাৰ পিছতো থমকি ৰোৱা নাই প্ৰশাসনৰ হাতোৰা।

2 / 5

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বেই ৰাজ্যৰ চৰকাৰৰ এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছিল। ধুবুৰীৰ পিছত গোৱালপাৰাত প্ৰশাসনে উচ্ছেদ চলাব বুলি তেওঁ সদৰী কৰিছিল। সেই অনুসাৰে আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত ১০৩৮ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলোৱা হৈছে।

3 / 5

উচ্ছেদৰ সময়ত হ’ব পৰা সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰি তোলা হৈছে। অসম আৰক্ষী আৰু বন বিভাগৰ প্ৰায় ১৮০০ জোৱান অঞ্চলটোত মোতায়েন কৰা হৈছে। তাৰ মাজতে উচ্ছেদস্থলীত এগৰাকী ব্যক্তিয়ে আত্মহননৰ চেষ্টা চলোৱা বুলি পোহৰলৈ আহিছে। ইয়াৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

4 / 5

ইফালে পাইকান সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত আশুডুবি নামৰ এখন ৰাজহ গাঁৱতো প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলিব। গাঁওখনৰ স্থানীয় লোকসকলে এই গাঁওখনত সকলো চৰকাৰী সম্পূৰ্ণ সা-সুবিধা আছে আৰু তেওঁলোক এই পাইকান বনাঞ্চলৰ ভিতৰত নপৰে বুলি দাবী কৰিছে। তেওঁলোকে লগতে আশুডুবি গাঁৱক জোৰকৈ এই পাইকান সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও অভিযোগ কৰিছে।

5 / 5

উল্লেখ্য যে উচ্ছেদৰ পূৰ্বে এই স্থানত থকা লোকসকলক স্থান খালী কৰাৰ বাবে ১০ জুলাইলৈ সময় দিয়া হৈছিল। অৱশ্যে ১১ জুলাইত শুকুৰবাৰৰ নামাজৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱা নহয় বুলি নিশ্চিত কৰিছিল আৰু তাৰ পৰিৱৰ্তে ১২ জুলাইত উচ্ছেদ চলোৱা হ’ব বুলি স্পষ্ট কৰিছিল। সেই অনুসাৰে আজি পুৱা ৫ বজাৰ পৰা এই বৃহৎ উচ্ছেদ আৰম্ভ কৰে জিলা প্ৰশাসন আৰু বনবিভাগে।

জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!