ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। লতাশিল আৰক্ষীৰ এটা দলে তিনি ঠাইত চলাইছিল এই অভিযান।
1 / 5
লতাশিল আৰক্ষীৰ CGPD এটা দলে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে। আৰক্ষীৰ দলটোৱে খাৰঘুলি হাতীশিলত চলাই এই অভিযান। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে গুৱাহাটী আৰক্ষীয়ে।
2 / 5
এই অভিযানত খানাপাৰা দেবানগৰৰ ৰাজদ্বীপ চুংক্ৰাং নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ২ পেকেট হেৰ’ইন (১০.৮২গ্ৰাম আৰু ১১.৭৪গ্ৰাম) আৰু নগদ ১,১৫০ টকা জব্দ কৰে। ইয়াৰ লগতে এখন ভঙা নম্বৰ প্লেট থকা স্কুটিও জব্দ কৰাৰ কথা সদৰী কৰিছে আৰক্ষীয়ে।
3 / 5
ইফালে গ্ৰেপ্তাৰ কৰা ৰাজদ্বীপৰ ইনপুটৰ ভিত্তিত জয়ানগৰত বসন্ত দলে নামৰ এজন লোকৰ ঘৰত অভিযান চলোৱা হয়। এই অভিযানত আধা জ্বলি যোৱা হেৰ’ইনৰ অৱশিষ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে কৰা উপাৰ্জনেৰে ক্ৰয় কৰা সন্দেহত AS01-EV-7465 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু AS01-FA-8254 নম্বৰৰ এখন স্কুটি জব্দ কৰে।
4 / 5
একেদৰে অধিক তথ্যৰ ভিত্তিত ৰুক্মিণীগাঁৱৰ কুশল দলে বাসগৃহত তালাচী চলাই আৰক্ষীয়ে। এই সময়ত AS01-GE-5493 নম্বৰৰ বিলাসী বাহন জব্দ কৰাৰ লগতে হেৰ’ইন আৰু নগদ ১,৯৬,১৭০ টকা উদ্ধাৰ কৰে।