মালাইকা অৰোৰাৰ পিতৃৰ মৃত্যু, শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল বলীউডৰ তাৰকা | Malaika Arora father anil mehta last rites stars attend Assam news - Assam Tv9

মালাইকা অৰোৰাৰ পিতৃৰ মৃত্যু, শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ’ল বলীউডৰ তাৰকা

Updated On: 

12 Sep 2024 19:57 PM

মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাৰ ১১ ছেপ্টেম্বৰত মৃত্যু হৈছিল। আৰক্ষীয়ে এটা বিবৃতিযোগে ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি বৰ্ণনা কৰিছিল। অভিনেত্ৰীগৰাকীৰ পিতৃয়ে ষষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল।

1 / 6মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাক ১২ ছেপ্টেম্বৰত মুম্বাইৰ ছাণ্টাক্ৰুজ হিন্দু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ দেউতাকক শ্ৰদ্ধাঞ্জলি জনাবলৈ  বহুতো বলীউডৰ তাৰকা উপস্থিত হৈছে।

মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাক ১২ ছেপ্টেম্বৰত মুম্বাইৰ ছাণ্টাক্ৰুজ হিন্দু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ দেউতাকক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহুতো বলীউডৰ তাৰকা উপস্থিত হৈছে।

2 / 6

অভিনেত্ৰীগৰাকীৰ পিতৃ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হৈছে কৰীণা কাপুৰ। এই কঠিন সময়ত কৰীণাক তেওঁৰ বান্ধৱী মালাইকাক সান্ত্বনা দি থকা দেখা গৈছিল।

3 / 6

চেইফ আলী খানেও অনিল মেহতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ মালাইকাৰ ঘৰত উপস্থিত হৈছে। চেইফে ১১ ছেপ্টেম্বৰত অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল।

4 / 6

ইয়াৰ উপৰিও মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খানেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হৈছে। ১১ ছেপ্টেম্বৰত পিতৃৰ মৃত্যুৰ খবৰ শুনি আৰবাজ অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল।

5 / 6

কৰিশ্মা কাপুৰেও মালাইকাৰ ঘৰলৈ তেওঁৰ পিতৃক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল। এই সময়ত কৰিশ্মাৰ চকু সেমেকি আছিল।

6 / 6

ইয়াৰ উপৰিও ছফি চৌদ্ৰী, শিবানী দাণ্ডেকাৰ, অদিতি গোবিত্ৰিকাৰ, ছোহেল খান, অৰ্জুন কাপুৰ, ফাৰাহ খান, চাংকি পাণ্ডে, অনন্যা পাণ্ডে, গৌহৰ খানকে ধৰি বহুতাৰকা মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে।

Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?